Breaking

জণ্টি ৰোডছক প্ৰ’ ক্ৰিকেট লীগৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি…

0 22

চলিত বৰ্ষৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহত দিল্লী এনচিআৰত অনুষ্ঠিত হ’ব প্ৰ’ ক্ৰিকেট লীগ৷ প্ৰতিযোগিতাৰ উদ্বোধনী ছিজনটোত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জণ্টি ৰোডছক লীগৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে৷ আজি এই কথা ঘোষণা কৰে পিচিএলৰ পৰিচালন সঞ্চালক তথা প্ৰতিষ্ঠাপক শচীন গুপ্তাই৷

ইফালে, প্ৰ’ ক্ৰিকেট লীগৰ প্ৰথম ছিজনটো ৰোমাঞ্চকৰ কৰাৰ লক্ষ্যৰে শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেটাৰসকলক প্ৰতিযোগিতাৰ অংশীদাৰ কৰা হ’ব বুলি কয় পিচিএলৰ কাৰ্যবাহী সঞ্চালক গণেশ শৰ্মাই৷ ইফালে, লীগত ব্ৰেণ্ড এম্বেছাদৰ হিচাপে যোগদান কৰাৰ সন্দৰ্ভত দক্ষিণ আফ্ৰিকাৰ মহান ক্ৰিকেটাৰ ৰোডেছে কয় ‘পিচিএলৰ অংশ হ’বলৈ পাই মই ৰোমাঞ্চিত হৈছো৷ ক্ৰিকেট দক্ষতাৰ মানদণ্ড উন্নীত কৰাৰ বাবে পিচিএলৰ দায়বদ্ধতাক লৈ মই সুখী৷

Leave A Reply

Your email address will not be published.