Jorhat Attack:যোৰহাটত অঘটন জ্যেষ্ঠ ছাত্ৰৰ চুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কণিষ্ঠ ছাত্ৰ

যোৰহাট, ২৫ ছেপ্টেম্বৰ: শেহতীয়া কৈ দৰং জিলাৰ এখন বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই এক অনুৰূপ ঘটনা সংঘটিত হৈছে যোৰহাট জিলাত। যোৰহাট জিলাৰ দহোতিয়া হাইস্কুলত সংঘটিত হয় এক চুৰিকাঘাটৰ ঘটনা। বিদ্যালয়ৰ পাঠদান চলি থকা সময়তে আজি পুৱা বিদ্যালয় খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় এজন একাদশ শ্ৰেণীৰ ছাত্ৰ। মূৰত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰ জনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় (Dahotia High School in Jorhat) দহোতিয়া হাইস্কুলৰ সমীপৰ দহোতিয়া প্ৰাথমিক চিকিৎসালয়ত। আঘাত প্ৰাপ্ত ছাত্ৰ জন হৈছে একাদশ শ্ৰেণীৰ ছাত্ৰ দেৱজিত বণিয়া (Devjit Bania)। দেৱজিত বনিয়াৰ ঘৰ যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ভুৰাকলা গাঁৱত। ইতিমধ্যেই (Pulib police station) পুলিবৰ আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত দহোতিয়া হাইস্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ বিজয় হাজৰিকাক আটক কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ঘটনাটো সংঘটিত হয় পুৱা প্ৰায় ১০.৩০ বজাত। বিদ্যালয় খনত পৰীক্ষা চলি থকাৰ সময়ত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিৰতিৰ সময়ত বিদ্যালয়ৰ বাহিৰত বিদ্যালয়ৰ একাংশ ছাত্ৰৰ মাজত অজ্ঞাত কাৰণত কাজিয়াৰ সূত্ৰপাত হয়। আৰু তেনেতে কাষতে থকা পুলিবৰ আৰক্ষী থানাৰ এজন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কিন্তু পৰৱৰ্তী সময়ত সেই কাজিয়া বিদ্যালয়ৰ ভিতৰত সৃষ্টি হয় আৰু জানিব পৰা মতে বিজয় হাজৰিকা নামৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ জনে সতীৰ্থৰ সহযোগিতাত একাদশ শ্ৰেণীৰ ছাত্ৰ দেৱজিত বনিয়াক খাৰু আৰু চুৰীৰে কোঠাৰ ভিতৰত আক্ৰমণ কৰে। যাৰ ফলত দেৱজিত বনিয়াই মূৰত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনা স্থলীত পুলিবৰ আৰক্ষী উপস্থিত হৈ অভিযুক্ত বিজয় হাজৰিকাক আটক কৰে। আনহাতে ঘটনাৰ পাছত বিদ্যালয় কৰ্তৃপক্ষই লগে লগেই আঘাতপ্ৰাপ্ত দেৱজিত বনিয়াক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। জানিব পৰা মতে আঘাতপ্ৰাপ্ত ছাত্ৰ জনৰ মূৰৰ দুই দিশে দহটা চিলাই কৰা হৈছে।

Related Articles