Breaking

নাগাদেৰাত যোৰহাট জিলা দিৱস উদযাপন…

0 12

আজি যোৰহাট জিলা দিৱস উপলক্ষে বলিমৰা ৰাজহ এলাকাধিন নাগাদেৰা হনুমান মন্দিৰৰ প্ৰেক্ষাগৃহত কণ কণ মইনা সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

গাঁওপ্ৰধান বিতুল লাহন, গাঁওৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ প্রশাদ শৰ্মাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি এই চিত্ৰাংকন প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয়।

বিচাৰক হিচাবে কাকজন চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মহম্মদ সিফিজোৰ ৰহমানৰ লগতে লিপিকা শৰ্মাই অংশ উপস্থিত থাকে। প্ৰথম মহম্মদ এছলম আহমেদ, দ্বিতীয় ৰিয়ানোজ ৰাজুৱাৰ, আৰু তৃতীয় স্থান পাবলৈ সক্ষম হয় দীপিকা শৰ্মাই। অনুষ্ঠানত নাগাদেৰা হনুমান মন্দিৰৰ সভাপতি ভোগেশ্বৰ গিৰিৰ লগতে গাঁৱখনৰ মহিলা সকল উপস্থিত থাকি আজিৰ এই অনুষ্ঠানত সাফল্য মণ্ডিত কৰাৰ বাবে গাঁওৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ প্ৰশাদ শৰ্মাই সিকলোকে ধন্যবাদ জ্ঞাপন কৰে লগতে প্ৰত্যেক দেওবাৰৰ দিনা এই গাঁৱৰ কণ কণ শিশুসকলক চিত্ৰাংকন শিকাবৰ বাবে এজন শিক্ষকৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষনা কৰি সকলোৰে সহযোগিতাৰ বাবে অনুৰোধ জনায়।

Leave A Reply