Jorhat Law College । যোৰহাট আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

দেৰগাঁও নাৰীকলগুৰিৰ নিবাসী সঞ্জীৱ বৰাৰ কন্যা প্ৰিয়ঙ্গনা বৰাৰ আত্মহত্যা। (Jorhat Law College)
বুধবাৰে নিশা যোৰহাট আটিলা গাঁৱৰ ভাড়া ঘৰত যোৰহাট আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰী প্ৰিয়ঙ্গনা বৰাই আত্ম হত্যা কৰাক লৈ দেৰগাঁৱত অঞ্চলজুৰি এক শোকৰ পৰিবেশ।


বৰ্তমানলৈকে আত্মহত্যাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও তেওঁৰ পিতৃ আৰু মাতৃৰ ভাষ্য মতে ই এক প্ৰেম জনিত ঘটনাৰ পৰিণতি বুলি সন্দেহ কৰা হয়।


প্ৰিয়ঙ্গনা বৰাৰ বাসগৃহত এক শুকাকূল পৰিবেশে বিৰাজ কৰে আৰু মৃত দেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পচমৰ্টেম কৰা হয়। মৃত্যুৰ পূৰ্বে এখন চুইছাইড নোট লিখি থৈ গৈছিল প্ৰিয়ঙ্গনা বৰাই ।

Related Articles