দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ২৬ মাৰ্চঃDilwar Hussain Mozumder । সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ কৰিলে আদালতে ৷ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।অৱশে্য বৃহস্পতিবাৰেহে মুকলি আকাশৰ তললৈ আহিব দিলোৱাৰ হুছেইন মজুমদাৰ।বেইল বণ্ড জমা দিব নোৱাৰা বাবে আজি নিশা কাৰাগাৰত কটাব লাগিব সাংবাদিকজনে।এয়া গণতন্ত্ৰৰ জয় বুলি ক’লে দিলোৱাৰ হুছেইন মজুমদাৰে।ইপিনে সাংবাদিক মজুমদাৰৰ গ্ৰেপ্তাৰকলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত প্ৰতিবাদ হৈছে৷ “ডিজিটেল সংবাদ মঞ্চ ‘ক্ৰছ কাৰেন্টে’ এপেক্স বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে কেতবোৰ বিত্তীয় খেলি-মেলিৰ অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগবোৰক কেন্দ্ৰ কৰিয়ে ২৫ মাৰ্চৰ দিনা এপেক্স বেংকৰ সন্মুখত অসম জাতীয় পৰিষদৰ ভ্ৰাতৃপ্ৰতীম সংগঠন জাতীয় যুৱ শক্তিয়ে এটা প্ৰতিবাদৰ আয়োজন কৰিছিল। এই প্ৰতিবাদ সম্পৰ্কে বেংকৰ পৰিচালন সঞ্চালকৰ অভিমত ল’বলৈ যাওঁতে ‘ক্ৰছ কাৰেন্ট’ৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পৰিচালন সঞ্চালকে দুৰ্ব্যৱহাৰ কৰে আৰু পুলিচ মাতি আনি তেওঁক পাণ বজাৰ থানালৈ পঠিয়াই দিয়ে।”
জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা সম্পৰ্কতে আজি অসম নাগৰিক সমাজে এক বিবৃতিযোগে এইদৰে কয়।অসম নাগৰিক সমাজে লগতে কয় যে, “পুলিচে দিলৱাৰ হুছেইনক কেইবা ঘন্টাও থানাত বহুৱাই থৈ অৱশেষত গ্ৰেপ্তাৰ কৰে। এজন সাংবাদিকে বাতৰি পৰিবেশন কৰিবলৈ যাওঁতে তেওঁক গ্ৰেপ্তাৰ কৰাটো কেনে কথা? আমি ক’ত বাস কৰিছোঁ? অসমত আইনৰ শাসনৰ অৱশিষ্টখিনিও নোহোৱা হ’ল নেকি ? কাৰ নিৰ্দেশত পুলিচ প্ৰশাসনে এনে ব্যৱহাৰ কৰিছে? ই কেৱল সাংবাদিকৰ স্বাধীনতাৰ কথাই নহয়, ই আমাৰ সকলোৰে ব্যক্তি-স্বাধীনতা আৰু মানৱাধিকাৰৰ প্ৰশ্ন।”
ইয়াৰ লগতে অসম নাগৰিক সামাজৰ হৈ অজিত কুমাৰ ভূঞা আৰু পৰেশ মালাকাৰে কয় যে অসম নাগৰিক সমাজৰ হৈ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু কোনো বিলম্ব নকৰাকৈ বিনাচৰ্তে দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাওঁ।জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে ।
এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, “জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি অসম চৰকাৰে স্বৈৰাস্বাৰীতাৰ পৰিচয় দিছে । ইয়াক আমি আছুৱে ধিক্কাৰ দিছো । আমি তেওঁক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছো । আচলতে অসম চৰকাৰে অসমত এতিয়া সাংবাদিকৰ পৰা দুটা শব্দ শুনিব বিচাৰে । সেইটো হৈছে হয় হজুৰ ।’’ উল্লেখ্য মঙলবাৰে এপেক্স বেংকৰ দুৰ্নীতিৰ কেলেংকাৰীৰ অভিযোগ সম্পৰ্কে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ পাছতে মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে মাতি নিয়ে আৰু মাজনিশালৈকে আটক কৰি থানাতে ৰাখি থয়। তাৰপিছত মাজনিশা কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।ইফালে মঙলবাৰৰ পৰা বুধবাৰে আবেলিলৈকে অসমৰ বিভিন্ন স্থানৰ সাংবাদিক সকলে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ সাংবাদিকসকলে গুৱাহাটী প্ৰেছক্লাৱ আৰু আদালতৰ সমুখতো প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে আদালতত হুছেইনৰ জামিন মঞ্জুৰ হয়।