Breaking

খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…

0 22

খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন

সাংবাদিকে বৌদ্ধিক নেতৃত্ব ল’লেই নহ’ব, বুদ্ধ হোৱাৰ অনুশীলনো কৰিব লাগিব

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ৰক্ষক সাংবাদিকসকলে বৌদ্ধিক নেতৃত্ব ল’বলৈ লগা হৈছে। আগতে এই দায়িত্ব শিক্ষকৰ হাতত আছিল যদিও অতি সম্প্ৰতি বৌদ্ধিক নেতৃত্বৰ দায়িত্ব সাংবাদিকসকলৰ হাতলৈ যাব ধৰিছে। কিন্তু সেই অনুপাতে সাংবাদিকসকলৰ মাজত সাৰ্বজনীন ভাৱে অধ্যয়ন সংস্কৃতি আশাপদ ভাৱে গঢ়ি উঠা নাই। সাংবাদিকে বৌদ্ধিক নেতৃত্ব ল’লেই নহ’ব , বুদ্ধ হোৱাৰ অনুশীলনো কৰিব লাগিব। আজি গুৱাহাটীৰ খানামুখত প্ৰবীণ সাংবাদিক প্ৰয়াত ৰজত চন্দ্ৰ বৈশ্যৰ এক স্মৃতিচাৰণ অনুষ্ঠানত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ তথা প্ৰবীণ সাংবাদিক পৰেশ বৈশ্যই

এইদৰে কয়। তেওঁ আৰু কয় যে সাংবাদিকসকলে ৰাইজৰ মুখপাত্ৰ হৈ সমাজৰ কল্যাণৰ হকে সেৱা আগবঢ়াব লাগিব। কামিনী কান্ত কলিতাৰ সভাপতিত্ব অনুষ্ঠিত উক্ত সভাত গিৰীন্দ্ৰ কাকতিৰ সম্পাদনাত প্ৰকাশিত প্ৰয়াত ৰজত বৈশ্যৰ সোঁৱৰণী গ্ৰন্থ ” ৰজত জ্যোতি” উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই। তেওঁ ভাষণ প্ৰসংগত কয় যে সাংবাদিক ৰজত বৈশ্যৰ যে এক শক্তিশালী গণভিত্তি আছিল, সেয়া তেওঁৰ স্মৃতিচাৰণ সভাই প্ৰমাণ কৰিলে।

সভাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিয়েও ভাষণ দি সাংবাদিক ৰজত বৈশ্যৰ সাংবাদিকতাৰ বিভিন্ন দিশ আলোকপাত কৰে। সভাত বিভিন্ন স্থানীয় বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ ভালে কেইজন গুণমুগ্ধই প্ৰয়াত সাংবাদিক গৰাকীৰ জীৱন চৰ্চা কৰে। সভাত সাংবাদিক অঞ্জন শৰ্মা, তৰণী চৰণ কলিতা, প্ৰকাশ ডেকা, নৰেশ্বৰ ৰাজবংশীও উপস্থিত থাকে। অনুষ্ঠানত প্ৰয়াত সাংবাদিক ৰজত বৈশ্যৰ পৰিয়ালবৰ্গকো চিনাকি কৰি দিয়া হয়। অনুষ্ঠানত অঞ্চলটো শতাধিক বৰেণ্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.