Breaking

বিলাসীপাৰা প্ৰেছ ক্লাবত সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ

0 99

বিলাসীপাৰা প্ৰেছ ক্লাবত কলা বেজ পৰিধান কৰি সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ। সাংবাদিকক আক্ৰমণ কৰা কালপিটক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যোৱা ৭ জুলাইৰ নিশা ধুবুৰীত জিলা পৰিষদৰ কাৰ্যালয় ভাড়া লৈ বিবাহ ভৱন বনাইছিল।

ধুবুৰী সাংবাদিক সকলে সেই চৰকাৰী কাৰ্যালয়ৰ বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল। বাতৰি সংগ্ৰহ কৰাত গুণ্ডা বাহিনীয়ে ধুবুৰীৰ সাংবাদিকক আক্ৰমণ কৰি কেমেৰা ভাঙি দিয়ে।

যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দেওবাৰে বিলাসীপাৰাৰ প্ৰেছ ক্লাৱৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ, অসম সংখ্যালঘু সংগ্ৰাম সমিতিয়ে কলা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

অতি সোনকালে ধুবুৰী আৰক্ষী প্ৰশাষনে দোষীক কাৰায়ত্ত নকৰিলে ৰাজপথত আন্দোলন কৰিৱ ধুবুৰী জিলা সাংবাদিক সমাজ তথা দল সংগঠনে৷

-জিয়াৰুল আলম, বিলাসীপাৰা

Leave A Reply

Your email address will not be published.