Breaking

গুৱাহাটীত নিৰ্মাণ হব জ্যোতি বিষ্ণু সংস্কৃতিক প্ৰকল্প…

0 11

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে আয়োজন কৰা বিষ্ণু ৰাভা দিৱসত বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু বিশিষ্ট চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে। প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনলৈ আজান পীৰ বঁটা প্ৰদান কৰে ।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিয়লি কলিবাৰীত কলাগুৰু বিষ্ণু ৰাভাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

এইবেলি তেজপুৰত অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ২০২৪ বৰ্ষৰ বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে গুৱাহাটীত জ্যোতি বিষ্ণু সংস্কৃতিক প্ৰকল্প নিৰ্মান কৰা হ’ব য’ত ৫ হাজাৰ আসন থাকিব আৰু ১ হাজাৰ গাড়ীৰ পাৰ্কিং ব্যৱস্থা ৰখা হ’ব । তেওঁ কয় যে কলাগুৰুৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্বতে ৫০ লাখ টকা আগবঢ়াইছিল আৰু আজি সমাধি ক্ষেত্ৰত সমন্বয় ক্ষেত্ৰলৈ পৰিগণিত হৈছে আজি এই সমন্বয় ক্ষেত্ৰলৈ ১ কোটি টকাৰ অনুদান ঘোষণা কৰে । তেওঁ শোণিতপুৰ জিলা আয়ুক্তক সমাধি ক্ষেত্ৰৰ পৰা কলীয়া ভোমোৰা দলংলৈ এক সুন্দৰ নৈসৰ্গিক শোভা বৰ্ধন কৰা পথ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগে কলা – সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান যোগোৱা কেইগৰাকীমান স্বনামধন্য ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ বঁটাৰে সন্মানিত কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই । তেজপুৰ দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে সংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা । এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা হৈছে আজান পীৰ বঁটা ২০২৩ বৰ্ষৰ আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা , অমলপ্ৰভা দাস বঁটা বিশিষ্ট শিক্ষয়িত্ৰী-শিল্পী বন্দনা দত্তক, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা বিশিষ্ট সমাজসেৱীকা ডঃ সুনীতা চাংকাকতিক, গণেশ গগৈ বঁটা বিশিষ্ট কবি আনিছ উজ জামান, মামণি ৰয়ছম গোস্বামী বঁটা বিশিষ্ট সাহিত্যিক ডঃ কৰৱী ডেকা হাজৰিকা,চৈয়দ আব্দুল মালিক বঁটা বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা,আহমদ আলি বাঁশকান্দি বঁটা বিশিষ্ট সাহিত্যিক তৰেণ চন্দ্ৰ বড়ো,গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা বিশিষ্ট সংগীত শিল্পী শাস্বতি ভট্টাচাৰ্য আৰু ২০২৪ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা বিশিষ্ট সাহিত্যিক সমাজসেৱী জীৱেশ্বৰ মৰাণক একেলগে প্ৰদান কৰে ।

Leave A Reply