গুৱাহাটী, ১১ ফেব্ৰুৱাৰী, ২০২৫: Jyotirupa’s । সমাজ-সংস্কৃতিকমূলক অনুষ্ঠান ‘জ্যোতিৰূপা’ই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণত বিশেষ নাট সমাৰোহৰ আয়োজন কৰিছে।
সপ্তদশ বাৰ্ষিকী উদযাপন উপলক্ষে ১৬ ফেব্ৰুৱাৰী, ২০২৫ৰ পৰা ১৯ ফেব্ৰুৱাৰী, ২০২৫লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত চাৰিদিনীয়া কাৰ্যসূচী হাতে-লোৱা হৈছে।
প্রতিদিনে সন্ধিয়া ৬ বজাৰ পৰা আয়োজন কৰা এই সমাৰোহে অসমৰ নাট্যপ্ৰেমী ৰাইজক আকৃষ্ট কৰাৰ আশা প্ৰকাশ কৰিছে।
সমাৰোহৰ প্রথম দিনত ১৬ ফেব্ৰুৱাৰী, দেওবাৰে, যোৰহাট থিয়েটাৰৰ ‘কলৰে পাততে কাউৰী পৰে’ নাট মঞ্চস্থ হ’ব। এই নাটৰ ৰচনা প্ৰশান্ত কটকীৰ আৰু পৰিচালনা পৱিত্ৰ বৰুৱাৰ।
১৭ ফেব্ৰুৱাৰী, সোমবাৰে, গুৱাহাটীৰ ‘সূর্য’ নাট দলৰ নিবেদন ‘স্মৃতি তাৰ সুগন্ধি পখিলা’ আৰু ‘মুখামুখি’ মঞ্চস্থ কৰা হ’ব, যাৰ পৰিচালনা কৰিছে নয়ন প্ৰসাদে।
১৮ ফেব্ৰুৱাৰী, মঙলবাৰে, পুৰণিগুদাম, নগাঁওৰ ‘বঙ্গালয়’ নাট দলৰ ৰচনা আৰু পৰিচালনা মৃণাল কুমাৰ বৰাৰ ‘হাঁহিৰ আঁৰৰ বাঁহী’ মঞ্চস্থ কৰা হ’ব।
শেষ দিনা ১৯ ফেব্ৰুৱাৰী, বুধবাৰে, তেজপুৰৰ ‘জে বি প্ৰডাকচন’ দলৰ মহেশ এল কোনচৱাৰৰ মূল নাটৰ অনুবাদ আৰু পৰিকল্পনা ডাঃ জাহানাৰা বেগমৰ ‘ৰক্তপুষ্প’ মঞ্চস্থ কৰা হ’ব।
ৰাধাগোবিন্দ বৰুৱাৰ অৱদানৰ ওপৰত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি ‘জ্যোতিৰূপা’ই অসমৰ নাট্য সংস্কৃতিৰ বিকাশৰ এক নতুন দিশ উন্মোচন কৰাৰ চেষ্টা কৰিছে।
সভাপতিত্বত প্রফুল্ল গোবিন্দ বৰুৱাৰ নেতৃত্বত অনুষ্ঠানটোৱে গুণগত নাট্য পৰিবেশনা আৰু নৱপ্ৰজন্মৰ শিল্পীক আগবঢ়াই দিয়াৰ উদ্দেশ্যে বিশেষ ভূমিকা পালন কৰি আহিছে।
আশা কৰা হৈছে, এই সমাৰোহে অসমীয়াৰ নাট্য সংস্কৃতিৰ সম্পদক সুৰক্ষিত ৰাখি, নতুন পথ সৃষ্টিৰ বাবে প্ৰেৰণা যোগাব।