কাকজান চাহ বাগিচাৰ সমবায় সমিতিৰ সামগ্ৰী ক’লা বজাৰত বিক্ৰী: আছাৰ অভিযোগ

 যোৰহাট জিলা হোলোঙাপাৰ গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ অন্তৰ্গত কাকজান চাহ বাগিচাৰ সুলভ মূল্যৰ সামগ্ৰীৰ এজেন্ট অনিল কুমাৰ গুপ্তাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ৰ যোৰহাট জিলা সমিতিয়ে কেতবোৰ অভিযোগ উত্থাপন কৰিছে । অভিযোগ অনুসৰি এজেন্টজনে দীৰ্ঘদিন ধৰি সমবায় সমিতি খনে যোগান ধৰা সামগ্ৰী ক’লা বজাৰত বিক্ৰী কৰি আহিছে । এই সম্পৰ্কত আছাই কিছুদিন পূৰ্বে জিলা উপায়ুক্তক অৱগত কৰিছিল যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি জনাইছে। সংগঠনটোৰ জিলা সভাপতি দেবেন চুঙী আৰু সাধাৰণ সম্পাদক বুধুৱা ওৰাঙে প্ৰেৰণ কৰা এক বিবৃত্তিত জনাইছে যে বাগিচা খনৰ শ্ৰমিক সকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি এনেদৰে  চলাই যোৱা অনৈতিক কাৰ্য জিলা প্ৰশাসনে নিয়ন্ত্ৰণ নকৰিলে আছাই ৰাইজৰ সহযোগত তীব্র আন্দোলন গঢ়ি তুলিব ।

Related Articles