উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্রখনৰ অধিক বিকাশৰ অৰ্থে গঠিত অন্যতম আগশাৰীৰ অনুষ্ঠান “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ তৰফৰ পৰা আগবঢ়োৱা ২০২১ চনৰ কলাৰত্ন সন্মান লাভ কৰি বাক্সা জিলাৰ মুছলপুৰ মহকুমালৈ গৌৱৰ কঢ়িয়াই আনিছে মহকুমাটোৰ থমনা আলিগুৰি নিবাসী ভূপেন দাসে ৷ “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত ভূপেন দাসক উক্ত সন্মান প্ৰদান কৰাৰ লগতে সংস্থাটোৱে আগবঢ়োৱা ৬ষ্ঠ বাৰ্ষিক ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা লোকগীত পৰিৱেশনৰ লগতে লোকবাদ্য বিশেষকৈ দোতাৰা নিৰ্মাণ কাৰ্যতো ওত:প্ৰোতভাৱে জড়িত হৈ আহিছে ভূপেন দাস ৷ শাস্ত্ৰীয় সংগীতৰ বিশাৰদ ভূপেন দাসে জনোৱা অনুসৰি ইতিমধ্যে তেওঁ কেবা শতাধিক দোতাৰা নিজে সাজি ৰপ্তানিও কৰিছে ৰাজ্যৰ বিভিন্ন স্থানলৈ ৷ উল্লেখনীয় যে ভূপেন দাসে নিজৰ ঘৰতে অৰ্পিতা সংগীত বিদ্যালয় নামে এক শিক্ষানুষ্ঠান সাজি অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ লোক সংগীতৰ শিক্ষা দানো কৰি আহিছে ৷ ১৯৮৮ চনৰে পৰা লোকসংগীত আৰু লোকবাদ্যক জনসাধাৰণৰ মাজত বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নিৰবিছিন্ন ভাৱে ব্ৰতী হৈ থকা ভূপেন দাসক উক্ত সন্মান তথা বঁটা প্ৰদান কৰাত মহকুমাটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আনন্দ প্ৰকাশ কৰি দাসক অভিনন্দন জ্ঞাপন কৰিছে ৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Heat Wave Assam: প্ৰচণ্ড গৰম! গৰমৰ পৰা হাত সাৰিবলৈ খাব পাৰে এবিধ বিশেষ পানীয়
- International Peace Day: আজি আন্তৰ্জাতিক শান্তি দিৱস
- Delhi New CM Atishi Marlena:আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই। আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী
- Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন
- Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি
- Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
- Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ