Kaliabor News: দুশ বছৰীয়া ‘বকুল তলত বিয়লি বেলা’ মুক্তাঙ্গন নাট্যানুষ্ঠান

দেওবাৰে কলিয়াবৰত পৰিলক্ষিত হয় এক ব্যতিক্ৰমী দৃশ্য। দুশ বছৰীয়া বকুল এজোপাৰ তলতে মাটিৰ ওখ ঢাপৰ মঞ্চ, আঁৰ-কাপোৰৰ ঠাইত মৰাঠাৰিৰ বেৰ, সমুখত পথাৰৰ মাজত বাঁহৰ বেঞ্চ। দিনৰ পোহৰতে বিয়লি বেলি লাহে-লাহে দৰ্শকৰ সামাগম বাঢ়িছে,(Kaliabor News) বহিবলৈ বাঁহৰ বেঞ্চত ঠাইৰ অভাৱ হৈছে। দৰ্শকসকল ঠিয় হৈয়ে নাট উপভোগ কৰিছে। ঠিয় হৈ থকা মহিলাসকলৰ বাবে দৌৰ মাৰি নাতি দূৰত থকা ঘৰৰ পৰা কোনোবা উদ্যোগক্তাই কাপোৰ কেইখনমান আনি পথাৰতে পাৰি দিছে। কোনো অসন্তোষ নকৰাকৈয়ে নামঘৰৰ ভাওনাতস্থলীত কঠত বহাৰ দৰে মহিলা দৰ্শকসকল বহি দুখনকৈ নাটকৰ দৰ্শক হৈছে।


ইতিমধ্যে চুকে-কোণে সমাদৰ লাভ কৰা ‘মুক্তাঙ্গন থিয়েটাৰে অসমৰ নাট্য আন্দোলনক এক নতুন গতি প্ৰদান কৰিছে। মঞ্চ আৰু বাটৰ নাটৰ জনপ্ৰিয়তাৰ পিছত অসমত গোৱালপাৰাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ “আণ্ডাৰ দ্য শাল ট্ৰী” নাট্য মহোৎসৱ আৰু নগাঁও বেবেজীয়াৰ ‘ৰ’দঘাই বেবেজীয়া –A natural theatre festival”এ মুক্তাঙ্গন থিয়েটাৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এই আৰ্হিৰ থিয়েটাৰত আজি এক নতুন সংযোগ ঘটিল। কলিয়াবৰতো পোনপ্ৰথমবাৰৰ বাবে মুক্তাঙ্গন থিয়াটাৰ আৰ্হিত হাটবৰৰ বৰিগাঁৱত দুশ বছৰীয়া পুৰণি এজোপা বকুল গছৰ তলত নাটক মঞ্চস্থ কৰা হয়। দিনৰ পোহৰ আৰু সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত আজি হাটবৰৰ বৰি গাঁৱৰ ‘কৰুণাময়’ নামৰ অনুষ্ঠানটিয়ে ‘বকুল তলৰ বিয়লি বেলা’ শীৰ্ষক এক মুক্তাঙ্গন নাট্যানুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটিৰ প্ৰাৰম্ভতে কলিয়াবৰৰ সাহিত্যিক পেঞ্চনাৰ, গল্পাকাৰ-নাট্যকাৰ প্ৰয়াত কুসুম বৰা আৰু শিক্ষক-অভিনেতা প্ৰয়াত ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

কলিয়াবৰৰ বৰি গাঁৱৰ শিল্পীৰ পেঞ্চনাৰ, ৯৫ বছৰ অতিক্ৰম কৰা বয়োজ্যেষ্ঠ অভিনেতা-শিল্পী হৰেন শৰ্মাৰ জন্মদিন উপলক্ষে উদ্যোগক্তাসকলে মুক্ত মঞ্চতে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। এই ব্যতিক্ৰমী নাট্যানুষ্ঠানত দুখনকৈ নাটক পৰিৱেশন কৰে ক্ৰমে – জেংৰাই অসম, মঙ্গলদৈ আৰু কৰুণাময়, হাটবৰে। জেংৰাই অসমে বিশ্বজিৎ ডেকাৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশন কৰে ‘চন পৰা বৃন্দাবন’। য’ত লোপ পাবলৈ ঐতিহাসিক দৰঙীয়া ঢেপা-ঢোল সংস্কৃতিক জীয়াই ৰখাৰ অবিৰত প্ৰচেষ্টা চলাই যোৱা এগৰাকী সাধকৰ কৰুণ কাহিনী তুলি ধৰে। আনখন নাটক সত্তৰ দশকতে সাহিত্যিক পেঞ্চনাৰ, শিক্ষক প্ৰয়াত কুসুম বৰাৰ ৰচনা আৰু প্ৰসন্ন শৰ্মাৰ পৰিচালনাৰে ‘ৰেঙণি’ পৰিৱেশন কৰে কৰুণাময়, হাটবৰে। সম্পূৰ্ণ যান্ত্ৰিকতা পৰিহাৰ কৰি অনুষ্ঠিত এই নাট্যানুষ্ঠানত কলিয়াবৰৰ জ্যেষ্ঠ-কনিষ্ঠ নাট্যকৰ্মী, নাট্যকাৰ, অভিনেতা-অভিনেত্ৰী তথা নাট্যপ্ৰেমীৰ উপস্থিতিয়ে নাট্যানুষ্ঠানটি সফল কৰি তোলে।


এই নাট্যানুষ্ঠানৰ উদ্যোক্তাসকলে এই ধাৰাৰ নাট কলিয়াবৰত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰি গৌৰৱ অনুভৱ কৰাৰ লগতে অদূৰ ভৱিষ্যতেও এই মুক্তাঙ্গন থিয়েটাৰক কলিয়াবৰ তথা অসমত জনপ্ৰিয় কৰি তোলাত আগভাগ লৈ যাব বুলি জনায়।

Related Articles