Kalibaor Choran Ahem: কলিয়াবৰৰ নতুন দাঙ্গা গাঁৱৰ ‘চ’ৰান এহেম’লৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে ‘অসম গৌৰৱ বঁটা’

অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে ২০২১ বৰ্ষৰ পৰা প্ৰদান কৰি আহিছে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা অভিধাৰে তিনিটাকৈ অসামৰিক সন্মান।(Kalibaor Choran Ahem) ২০২৪-২০২৫ বৰ্ষৰ এই সন্মান ঘোষণা কৰাৰ লগে-লগে কলিয়াবৰৰ এখন বিশেষ গাঁৱত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অসম চৰকাৰে আগবঢ়োৱা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম গৌৰৱ’ বঁটা লাভ কৰিছে কলিয়াবৰৰ “চ’ৰান এহেম” নামৰ কলিয়াবৰৰ কাৰ্বি জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ এক বিপণীয়ে। আত্ম প্ৰতিষ্ঠাৰ কঠিন যুঁজত যেন আজি উত্তীৰ্ণ হৈছে গাঁওবাসী।


যোৰহাট অভিমুখি যাত্ৰাত কলিয়াবৰ সমজিলাৰ জখলাবন্ধাৰ পৰা নাতি দূৰত অৱস্থিত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা বাওঁফালে কিছু দূৰ সোমালেই এক প্ৰাকৃতিক পৰিৱেশত অৱস্থিত ‘চ’ৰান এহেম’। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সীমাতে লাগি থকা এটা পাহাৰৰ টিলাৰ ওপৰত, মুকলি আকাশৰ তলত স্থাপন কৰা ব্যতিক্ৰমী খাদ্য সম্ভাৰৰ কেন্দ্ৰটোৱেই হৈছে “চৰান এহেম’।


এসময়ত গঁড়ৰ চোৰাং চিকাৰীক আশ্ৰয় দি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জধে-মধে গঁড় হত্যাত জড়িত বুলি কলঙ্কৰে কলঙ্কিত নতুন দাঙ্গা গাঁৱতেই অৱস্থিত এই ব্যতিক্ৰমী খাদ্যৰ বিপণীখন। এসময়ত উপাৰ্জনৰ পথ নোহোৱাৰ বাবে সহজ-সৰল গাঁওবাসীয়ে কেইটকামানৰ আশাত গঁড়ৰ চোৰাং চিকাৰী আশ্ৰয় দিছিল। কেতিয়াবা জড়িতও হৈছিল। ফলস্বৰূপে গাঁওখনত প্ৰায়েই বন বিভাগ আৰু আৰক্ষীযৰ অভিযানৰ ফলত শান্তি বিঘ্নিত হৈছিল, বদনামী হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ সুৰক্ষা আৰু এনে এক অবাঞ্চনীয় কলঙ্কৰ পৰা মুক্ত কৰাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰচেষ্টা চলি থাকি। তেনে এক প্ৰচেষ্টাৰ ফলশ্ৰুতিত গাঁওবাসীক প্রকৃতি সুৰক্ষাৰ লগত জড়িত কৰিবলৈ বন বিভাগে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি নামেৰে এক অনুষ্ঠান ২০০৮ চনত গঠন কৰে। এই দিশত বিশেষ আগ-ভাগ লৈছিল তদানীন্তন বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইক্ৰামুল মজিদে। সমিতিখনে বিশেষ সক্রিয়তা প্রদর্শন নকৰাত ২০১০ চনত বন বিভাগে কাৰ্বি গাঁওবাসীৰ দ্বাৰা প্ৰস্তুত কৰা থলুৱা খাদ্যৰে অতিথিক আপ্যায়ণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি এখন খাদ্য বিপণী মুকলি কৰে। সেই সময়ত ‘গ্ৰেণ্ড ইষ্টার্ণ হ’লিডে’ নামৰ পর্যটন গোষ্ঠীয়ে গাঁওখনলৈ পৰ্যটকক অনাৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

২০১৭ চনত ওৱৰ্ল্ড ৱাইল্ড লাইফ ফাউণ্ডেছন তথা বন বিভাগ আৰু কলিয়াবৰ মহকুমা প্রশাসনৰ ঐকান্তিক প্রচেষ্টাত গাঁওখনত খাদ্যৰ বিপণীখনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। সেই সময়ৰ কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পঙ্কজ চক্ৰৱৰ্তীৰ তৎপৰতাত নতুন দাঙ্গাৰ মহিলাসকলৰ স্বাৱলম্বনৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। স্থানীয় মহিলাসকলৰ বাবে ফুড ক্ৰাফট ইনষ্টিটিউট, নগাঁৱৰ দ্বাৰা খাদ্য সম্ভাৰ পৰিৱেশনৰ এক প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছিল। ‘কাচিংথুৰ’ নামৰ এই অভিযানে সংযোগ আৰু সুৰক্ষাৰ যোগেদি বহনক্ষম জীৱিকাৰ উৎস ৰূপে পাৰিপাৰ্শ্বিক পৰ্যটকৰ চিন্তা এটাই থিতাপি লৈছিল। পৰৱৰ্তী সময়ত কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগৰ বিশেষ প্ৰচেষ্টাত এক গতি লাভ কৰে। নতুন দাঙ্গা গাঁওখনত থকা চ’ৰান এহেম’ খাদ্যৰ বিপণীখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰ্শনাৰ্থীৰ লগতে আন বহু লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু সুকীয়া মর্যাদা লাভ কৰিবলৈ সক্ষম হয়। তাৰ বাবে পথ আৰু পানীৰ ব্যৱস্থাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক আৰু সংশ্লিষ্ট বিভাগে সহায়ৰ হাত আগ বঢ়ালে। সামাজিক মাধ্যম তথা সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ-প্ৰসাৰ লাভ কৰাত চ’ৰান এহেমে সকলো স্তৰৰ খাদ্য ৰসিকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ল। ব্যস্ততা বহুগুণে বৃদ্ধি পায়। বৰ্তমানৰ এই পৰিৱেশ আৰু ‘অসম গৌৰৱ বঁটা’ লাভ কৰালৈকে এই দীঘলীয়া যাত্ৰাৰ বা বিশেষ পদক্ষেপ গ্ৰহণ কৰা বনাঞ্চলিক বিষয়া ইক্ৰামুল মজিদ, কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পঙ্গজ চক্ৰৱৰ্তী, বিতুপন নেওগ আৰু ডব্লিউ ডব্লিউ এফৰ প্ৰতিনিধি ড০ প্ৰণৱজ্যোতি বৰাৰ পদক্ষেপক আজিও শলাগে গাঁওখনৰ বাসিন্দাই।


পৰিষ্কাৰ-পৰিছন্নতা, সতেজ খাদ্য পৰিৱেশনত এই দলটোৱে সদা সতর্ক দৃষ্টি ৰাখে। তেল-মচলা নোহোৱাকৈ কাৰ্বি পৰম্পৰাৰে প্ৰস্তুত কৰা খৰিকাত দিয়া মাছ, চুঙাত দিয়া মাংস, চুঙা ভাত, চজিনা পাতৰ লগত খাৰ দিয়া দাইল, কচুৰ সৈতে তিল দি ৰন্ধা মাংসৰ আঞ্জা, পাতত দিয়া কণী, পাতত দিয়া মাছ, কেঁচা হালধিৰ চাটনি, পাহাৰীয়া কলদিলৰ চাটনি, শুকান মাছৰ চাটনি, বিভিন্ন শাকৰ ভাজি, চুঙাত দিয়া কচু পাতৰ পিটিকা আদি চ’ৰান এহেমৰ খাদ্যৰ জুতি ল’বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে পৰ্যটকসকলৰ আগমন ঘটিছে। ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেন, ফ্ৰান্সৰ ৰাষ্ট্রদূত ইমানুৱেল লেনাইন, জনপ্ৰিয় গায়ক পাপন আদিৰ লগতে দেশৰ বিভিন্ন ৰাজ্য আৰু অসমৰ বিভিন্ন ঠাইৰ পৰ্যটক, শিক্ষাৰ্থীসকল নতুন দাঙ্গালৈ আহি ইয়াৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি পুলকিত হৈ পৰাৰ লগতে থলুৱা খাদ্যৰ সোৱাদ লৈ আপ্লুত হোৱা দেখা যায়। পৰিৱেশ আৰু বন্যপ্ৰাণীৰ ক্ষতিসাধন নোহোৱাকৈ বহনক্ষম উন্নয়নৰ লক্ষ্যৰে কাৰ্বি সম্প্ৰদায়ৰ থলুৱা খাদ্য সম্ভাৰেৰে ব্যৱসায়িক ভিত্তিত দেশী-বিদেশী পর্যটকসকলক উদ্দেশ্যি গঢ়ি তোলা পর্যটন কেন্দ্ৰটোৱে ভবিষ্যৎ দিনত আর্থ-সামাজিক দিশতো বিশেষ বৰঙণি আগবঢ়াবলৈ সক্ষম হ’ব।


গঁড়ৰ চোৰাং চিকাৰৰ লগত সাঙোৰ খোৱা এখন গাঁৱৰ সফলতাৰ বাটত জড়িত হৈ আছে বহু জনৰ ঐকান্তিক, আন্তৰিক প্ৰচেষ্টা আৰু স্থানীয় বাসিন্দাৰ জনমানত বিশ্বাস ঘূৰাই আনিব পৰাকৈ প্ৰত্যাহ্বান নেউচিব পৰা সাহস।
এই কাৰ্বি জনগোষ্ঠীয় খাদ্য বিপণীখনৰ লগত জড়িত হৈ আছে প্রায় ২১ জনীয়া স্থানীয় কাৰ্বি যুৱক-যুৱতীৰ এটা দল। মঙ্গল সিং টেৰণ “চ’ৰান এহেম”ৰ মূল চালিকা শক্তি। তেওঁ ইক’ ছচাইটিখনৰ মূৰব্বীও। লগত আছে জয়সিং টেৰণ, ৰোহিত টেৰণ, ওৱাইছন ৰংফাৰ, সূৰ্য কিলিং, জোনালী ৰংফাৰপি, বীণা ৰংফাৰপি, আইচা টিছপি, বাচাপি কিলিংপি, সংগীতা বে’পি, ৰাধামা টেৰাংপি, বীণা টিছপি, অঞ্জলি টেৰাংপি, মিনা কিলিংপি, মইনা টকবিপি আদি। তেওঁলোকৰ সুখৰ ক্ষণত মুখবোৰ জিলিকি উঠিছে, এক দীঘলীয়া কলঙ্কৰ আন্ধাৰ যেন আঁতৰি পেলাইছে। নতুন দাঙ্গা গাঁৱৰ লৈ সমগ্ৰ কলিয়াবৰে গৌৰৱ কৰিব, কাৰণ “চ’ৰান এহেম” কলিয়াবৰৰ প্ৰথম অসম গৌৰৱ।


উল্লেখ্যযোগ্য যে, এইবেলি পোনপ্ৰথমবাৰৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান নগাঁৱৰ হাতীবন্ধু আৰু তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱৰ ইক’ ডেভেলপমেণ্ট ছ’চাইটি আৰু কলিয়াবৰ চ’ৰান এহেমলৈ আগবঢ়োৱা হৈছে এই বঁটা। নতুন দাঙ্গা গাঁৱৰ নতুন চিনাকিৰ ক্ষেত্ৰত যিসকল স্থানীয় লোক জড়িত আছে তাৰ ভিতৰত মঙ্গল সিং টেৰণে কয় – অসম গৌৰৱ বঁটা লাভ কৰি আমি সকলো সুখী। ২০০৮ চনৰ আগৰ আমাৰ গাঁওখন গঁড় হত্যাৰ লগত জড়িত হৈ পৰাত আমি ফৰিচয় দিবলৈ কৈ কুণ্ঠাবোধ কৰিছিলোঁ।

পিছলৈ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইক্ৰামুল মজিদৰ তৎপৰতাত নতুন দাঙ্গা ইক’ ডেভেলপমেণ্ট কমিটি গঠন হয়। তাৰ পৰাই নতুন দাঙ্গাৰ পৰিৱেশ সলনি হয়। চ’ৰান এহেমে জন্ম পালে। এতিয়া ইংনাম আত্ম সহায়ক গোট এটাও গঠিত হৈছে। এইক্ষেত্ৰত সেই সময়ৰ কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগ ছাৰলৈ বিশেষভাৱে ধন্যবাদ জনাইছোঁ। কলিয়াবৰ সমজিলা আয়ুক্ত লিছা তালুকদাৰেও চ’ৰান এহেমত উপস্থিত হৈ সকলোকে অভিনন্দন জনায়। তদুপৰি, কলিয়াবৰৰ সচেতন লোকসকলেও চ’ৰান এহেমৰ এই প্ৰাপ্তিত আনন্দ প্ৰকাশ কৰে।

Related Articles