Breaking

ধুবুৰীৰ কল্পজ্যোতি ফাউণ্ডেশ্যনৰ তিনি টকাত দুপৰীয়াৰ এসাজ

0 1,259

অসমৰ ধুবুৰী জিলাতেই তিনি টকাত দুপৰীয়াৰ এসাজ ভাত পোৱা যায়। যি সময়ত নিত্য প্ৰয়োজনীয় বস্তুৰ দাম আকাশলংঘী হৈ সাধাৰণ ৰাইজক কঙা কৰি পেলাইছে, ঠিক সেই সময়তেই  অসমৰ ধুবুৰী  জিলাত তিনি টকাত দুপৰীয়াৰ এসাজ ভাত পোৱাটো সকলোকে আচৰিত কৰি তুলিছে। ধুবুৰীৰ এক আন্তৰ্জাতিক সংস্থা *কল্পজ্যোতি ফাউণ্ডেশ্যনে সাৰদা কিচ্চেন নামেৰে এক নতুন পৰিকল্পনা হাতত লৈছে।মাত্ৰ তিনি টকাত দুপৰীয়াৰ এসাজ ভাত যোগানৰ ব্যৱস্থা কৰিছে। যোৱা সপ্তাহৰ পৰা প্ৰতি সপ্তাহৰ দুদিনকৈ তিনি টকাত দুপৰীয়াৰ এসাজ ভাত যোগানৰ দিব বুলি সংস্থাটোৰ কৰ্মী সকলে জানিবলৈ দিয়ে। আজি ধুবুৰীৰ ছোৱালী গাৰ্লছ মহাবিদ্যালয়ৰ সন্মুখত প্ৰায় দুশ লোকক তিনি টকাত দুপৰীয়াৰ এসাজ ভাত খু্ৱাবলৈ সক্ষম হয় আন্তৰ্জাতিক সংস্থা *কল্পজ্যোতি ফাউণ্ডেশ্যনে সাৰদা কিচ্চেন নামৰ সংস্থাটোয়ে।

নিত্য প্ৰয়োজনীয় বস্তুৰ দাম আকাশলংঘী হৈ সাধাৰণ ৰাইজক কঙা কৰাৰ লগতে, একাংশ কৰ্মচাৰী তথা শ্ৰমিকে, তেওঁলোকে নিজ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ঠ কষ্ট কৰ হৈ পৰিছে। এই পদক্ষেপ কোভিড -১৯ ৰ মহামাৰীৰ ফলত নিয়মীয়া কৰ্মী, তথা শ্ৰমিক সকলৰ সংকটৰ কথালৈ লক্ষ্য ৰাখি তিনি মাহৰ বাবে প্ৰতি সপ্তাহৰ শুক্ৰবাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি সংগঠনটোৰ কৰ্ম কৰ্তাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.