কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ বঁটা ঘোষণা

কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই প্ৰদান কৰি অহা মুক্তি যোদ্ধা, বিশিষ্ট সমাজকর্মী প্ৰয়াত ডুম্বি কামান সোঁৱৰণী জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা আৰু বিশিষ্ট সাহিত্যিক, গৱেষক, মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সাহিত্য বঁটা ২০২১ ৰ বঁটা প্ৰাপকৰ নাম নিৰ্বাচন মণ্ডলীয়ে চূড়ান্ত কৰাৰ পাছত কালি সংস্থাৰ কাৰ্যনিৰ্বাহক সভাত ঘোষণা কৰে। সংস্থাৰ সভাপতি মহেন শইকীয়া আৰু সম্পাদক পৱন কামানে স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি জনোৱা অনুসৰি দুটা দশক জোৰা কাল ধাৰাবাহিক ভাৱে নিৰ্ভীক-নিৰপেক্ষতাৰে সংবাদ সেৱা আগবঢ়াই থকা ছেটেলাইট চেনেল নিউজ লাইভ আৰু নিয়মীয়া বার্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক, কণ্ঠ শিল্পী, সমাজকর্মী-মানৱদৰদী কাজিৰঙাৰ ৰঞ্জিত ৰজকক “”মুক্তি যোদ্ধা ডুম্বি কামান সোঁৱৰণী জিলা শ্ৰেষ্ঠ সাংবাদিক বঁটা-২০২১” লাভ কৰিছে। ৰাজকে সংবাদ ক্ষেত্ৰৰ “শ্ৰেষ্ঠ সেৱাশ্ৰী,” “মুখ্যমন্ত্ৰী বঁটা -২০১১”, “গোলাঘাট গৌৰৱ-২০১৪ বঁটা”,  জীৱন জোৰা সাধনা বঁটা-২০১৬” (আন্তৰাষ্ট্ৰীয়), “বনেশ্বৰ মহন্ত সোঁৱৰণী সাংবাদিক বঁটা”, “সাগৰ বৰা সোঁৱৰণি ইলেকট্ৰনিক মডিয়া গৰিমা বঁটা ২০২০”, “বন্য প্ৰাণী শ্ৰেষ্ঠ সংবাদ সেৱা বঁটা” কে ধৰি বহুকেইটা সংবাদ সেৱাৰ বঁটা লাভ কৰিছে।   আনহাতে বিশিষ্ট সাহিত্যিক, গৱেষক , শিক্ষাবিদ, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি “মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সাহিত্য বঁটা- ২০২১” লাভ কৰিছে আন্তৰাষ্ট্ৰীয় খ্যাত বিশিষ্ট কবি- সাহিত্য আৰু নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন কলেজ অধ্যাপক তথা গোলাঘাট জিলাৰ মহুৰামুখৰ ৰঙাগড়া মৰঙীয়ালৰ জীৱন নৰহে। কবি-সাহিত্যিক জীৱন নৰহৰ    কবিতা পুথি “ঢৌখেলা ল’ৰালিৰ ছাঁ”, “তুমি পকা ধানৰ দৰে গোন্ধাইছা”, “টাৰি-ৰি”, “মোমাইদেউৰ ফুলনি আৰু হালধীয়া উপমা”।      উপন্যাস-“অই:কলি” আৰু “চোৱা পীতাম্বৰ শ্যাম বৰণ মেঘ উৰে”।     প্ৰবন্ধ, ৰচনা আৰু সম্পাদনা কৰা গ্ৰন্থসমূহ -“সোঁৱৰণিৰ ছাঁ”, ” ভূমিৰ ফুল”, ” মহিম বৰাৰ ৰচনা সমগ্ৰ”, ” অ’ মোৰ আপোনাৰ দেশ-লক্ষ্মীনাথ বেজবৰুৱা”, “বেজবৰুৱাৰ সাধুৰ আলমত অংকিত ছবি আৰু অকণিৰ সাধু”, “বেজবৰুৱাৰ জাতীয় সংগীত চৰ্চা আৰু সমন্বয়ৰ পথ”, আৰু ” চাৰিটা ৰোমাণ্টিক প্ৰবন্ধ” আদি।    ইপিনে “অ’ মোৰ ধুনীয়া কপৌফুল ” (মিচিঙৰ পৰা অসমীয়ালৈ), “শুনা মোৰ ফুল কলি” (মিচিঙৰ পৰা অসমীয়ালৈ ) আদিকে ধৰি মুঠ ৮ খনকৈ গ্ৰন্থ অসমীয়া,  ইংৰাজী, মাৰাঠী আৰু বঙালী ভাষালৈ অনুবাদ কৰিছে।      আনহাতে  “The OXFORD Anthology of  Writings From North-East India Poetry And Essays”, ” An Anthology of Poetry From North-East   India”,” Anthology of Contemporary Poetry From North-East”, ” International Review of Black and White Photography and Text”, “Indian Literature”, “Samakalin Bharatiya Sahitya”, ” www. Poetry International.com”, “KERALAKAVITA”, “100  More Great Indians Poems”, ” Great Indians Love poems”, আৰু ‘Verses” আদি দেশী-বিদেশী খ্যাত গ্ৰন্থ-আলোচনীত জীৱন নৰহৰ কবিতা প্ৰকাশ পাইছে। ইয়াৰ উপৰি নৰহৰ কবিতা ভাৰতৰ বিভিন্ন প্ৰধান ভাষাৰ লগতে  বহু বিদেশীভাষালৈও  অনুবাদিত হৈছে। উক্ত বঁটা দুটা ২০২২ বৰ্ষৰ পহিলা মাহত প্ৰদান কৰা হ’ব বুলি বিবৃতিত উল্লেখ আছে। 

Related Articles