২৫ ডিচেম্বৰ, ২০২৪ঃ Kamiram Basumatary। ওদালগুৰি জিলাৰ কৌপাটিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাস্কৰ্য শিল্পী কমিৰাম বসুমতাৰী এমাহ পূৰ্বে হৈছিল দেহৱসান।ভাস্কৰ্য্য শিল্পী কমিৰাম বসুমতাৰীৰ হাতৰ পৰশত প্ৰান পাই উঠিছিল বিভিন্ন কাঠ আৰু মাটিৰ মুৰ্তি ।কমিৰাম বসুমতাৰী অকল ৰাজ্যতেই নহয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন প্ৰান্তত কাঠেৰে সাজি উলিওৱা মূৰ্তি আৰু মহান ব্যক্তিসকলৰ মূৰ্তি সমূহ প্ৰদৰ্শিতৰ লগতে বিভিন্ন পুৰষ্কাৰ পাবলৈয়ো সমৰ্থ হৈছিল।
মহান ক্ষাতিসম্পৰ্ণ ব্যক্তি গৰাকীৰ পৰিয়াল তথা গাওঁ বাসীয়ে আজি দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰে অদ্যশ্ৰাদ্ধ। অদ্যশ্ৰাদ্ধত উপস্থিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিপেন বড়ো,মাজবাট বিধানসভাৰ সভাৰ বিধায়ক চৰন বড়ো,ৰৌতা পাৰিষদীয় সমষ্টিৰ EM নীলুৎ স্বৰ্গীয়াৰী আদি কৰি বিভিন্ন দলীয় সংগঠনৰ নেতৃত্ব লগতে স্থানীয় বিশিষ্ট মান্য গন্য ব্যক্তি।
প্ৰতি গৰাকী ব্যক্তিয়ে অদ্যশ্ৰাদ্ধত উপস্থিত হৈ কমিৰাম বসুমতাৰীৰ প্ৰতিমূৰ্ত্তি ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু পৰিয়াল বৰ্গক সমবেদনা জনায় আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী গৰাকীৰ বিদেহী আত্মাৰ সৎ গতি কামনা কৰে।