Breaking

সানেকুছিত মীন বিপ্লৱৰ পাছত সেউজ বিপ্লৱেৰে নৱ প্ৰজন্মক উদগণি যোগাইছে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া কমলেশ চন্দ্ৰ চৌধুৰীয়ে

0 14

কামৰ যে সৰু-বৰ নাই আৰু একাগ্ৰতা থাকিলে এজন সুস্থ সবল মানুহে সকলো ধৰণৰ কাম কৰি সফলতা লাভ কৰাৰ লগতে সমাজ এখনকো আগবঢ়াই লৈ যাব পাৰে তাৰে এক উদাহৰণ হল বৰ্তমান গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ পাঁচ নম্বৰ উপ পথ নিবাসী কমলেশ চন্দ্ৰ চৌধুৰী। ভাৰতীয় নৌ সেনাৰ চতুৰ্থ শীৰ্ষ পদবী হিচাপে পৰিচিত ‘কমডৰ’ পদৰ পৰা প্ৰায় ডেৰ দশক পূৰ্বে অৱসৰ গ্ৰহণ কৰা কমলেশ চন্দ্ৰ চৌধুৰীয়ে নিজৰ পৈত্ৰিক গাঁও নলবাৰী জিলাৰ সানেকুছি গাঁৱত মীন বিপ্লৱৰ পাছত সেউজ বিপ্লৱ গঢ়াৰ কামত ব্ৰতী হৈ আছে। ১৯৭৪ চনত এক্টিং চাব লেফটেনেন্ট হিচাপে ভাৰতীয় নৌ সেনাত কমিচনড বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা চৌধুৰীয়ে নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰ বলত কেবাটাও পদোন্নতি লাভ কৰি প্ৰায় ৩৫ বছৰ সেৱা আগবঢ়াই ২০০৯ চনৰ জানুৱাৰী মাহত কমডৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

তাৰ পাছত সেইটো বছৰৰ শেহৰ ফালে অসম চৰকাৰৰ সৈনিক কল্যাণ সঞ্চালক হিচাপে যোগদান কৰি ২০১৭ চনত অৱসৰ গ্ৰহণ কৰে। আনহাতে অসমৰ বাহিৰত ৩৫ বছৰ আৰু সৈনিক কল্যাণ সঞ্চালক হিচাপে আঠ বছৰ সেৱা আগবঢ়োৱাৰ মাজতো নিজৰ প্ৰয়াত পিতৃ ৰমেশ চন্দ্ৰ চৌধুৰীৰ জন্মগাঁও নলবাৰীৰ সানেকুছিক পাহৰি যোৱা নাছিল চৌধুৰীয়ে। যাৰ বাবে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ সানেকুছি গাঁৱৰ পৈত্রিক ভূমিত বিভিন্ন ঋতুকালীন কৃষি – কৰ্মৰে সেউজ বিপ্লৱ আৰু পুখুৰীত মাছ পুহি মীন বিপ্লৱ গঢ়াৰ কামত নিজকে আত্মনিয়োগ কৰিছিল চৌধুৰীয়ে। তেওঁ মীন বিপ্লৱত সফলতা লাভ কৰা দেখি বানে গৰকা বৃহত্তৰ সানেকুছি গাঁৱত ২০১৫ চনৰ পৰা এতিয়ালৈকে তেওঁৰ আদৰ্শ অনুকৰণ কৰি ২৩ জন লোকে পুখুৰী খান্দি মাছ পুহি সফলতা অৰ্জন কৰিছে। ইফালে মীন পালন আৰু সৰিয়হ খেতিত সফলতা লাভ কৰা কমলেশ চন্দ্ৰ চৌধুৰীয়ে যোৱা শাওণ মাহত দুবিঘাতকৈ অধিক মাটিত সুকীয়াকৈ অসমৰ পৰম্পৰাগত জহা চাউলৰ বাবে শালি ধানৰ কঠীয়া ৰোপণ কৰিছে। বৰ্তমান ৰোপণ কৰা কঠীয়া সমুহ লহপহকৈ বাঢ়ি আহিছে। এই সন্দৰ্ভত কমলেশ চন্দ্ৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে ভাৰতীয় নৌ সেনাত থকাৰ সময়ত বিশ্বৰ ৩৫ খনতকৈ অধিক দেশ ভ্ৰমণ কৰাৰ সময়ত কিছুমানত দেখি অহা কৃষি-কর্ম, মীনপালন আদিৰ অভিজ্ঞতাৰে সানেকুছিত অৱসৰ গ্ৰহণৰ পাছৰে পৰা কৃষি আৰু মীন বিপ্লৱ গঢ়াৰ কামত নিজকে জড়িত কৰিছে। মূল লক্ষ্য হৈছে তেঁওক দেখি যাতে অঞ্চলটোৰ আগ্ৰহী লোক আৰু উঠি অহা প্ৰজন্মই বানে গৰকা অঞ্চলটোত কৃষি আৰু মীন পালনৰ দ্বাৰা আত্মনিৰ্ভৰশীল হব পাৰে। বৰ্তমান সাত বিঘাৰো অধিক মাটিত গঢ়ি তোলা ফার্ম হাউছখনৰ লগতে গঢ়ি তাৰ বাহিৰত থকা প্ৰায় বাৰ বিঘা মাটিত যোৱা শীত কালত সৰিয়হৰ খেতি কৰি সফলতা অৰ্জন কৰিছিল। যাৰ বাবে আজিলৈকে তেওঁ মিঠাতেল কিনি খাবলগীয়া হোৱা নাই। তেওঁক দেখি বৃহত্তৰ সানেকুছিকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ বহু কৃষকে সৰিয়হ খেতি কৰি সফলতা লাভ কৰা বিষয়টোৱে তেওঁক আনন্দিত কৰিছে।

অঞ্চলবাসীৰ অনুপ্ৰেৰণা হৈ পৰা চৌধুৰীয়ে প্ৰতি সপ্তাহত কমেও দুদিন সানেকুছিত নিজৰ ফার্ম হাউছত থাকি বিজ্ঞান সন্মত পদ্ধতিৰে কৃষি আৰু মীন পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰি তাৰ বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছে। এইক্ষেত্রত তেওঁক সহধর্মিনী মৃণালিনী চৌধুৰী, দুই বিবাহিতা জীয়ৰী ক্ৰমে সুস্মিতা চৌধুৰী আগৰৱালা আৰু মৃদুস্মিতা চৌধুৰীয়ে সদায় অনুপ্ৰেৰণা যোগাই আহিছে। যাৰ বাবে জীৱনৰ ৭২ টা বসন্ত অতিক্রম কৰাৰ পাছতো নিজকে এজন চফল ডেকাৰ দৰে গণ্য কৰি নতুন উদ্যমৰে কাম কৰাৰ বাবে উৎসাহ লাভ কৰি আহিছে। উল্লেখযোগ্য যে বিগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে তেঁওৰ ভাৰতীয় নৌ সেনাত সুখ্যাতিৰে ৩৫ টা বছৰ সেৱা আগবঢ়োৱা অভিজ্ঞতাৰ ভিত্তিত প্ৰায় পাঁচ বছৰ পূৰ্বে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উপদেষ্টাৰ দৰে গুৰুত্বপূর্ণ পদত নিযুক্তি দি ব্ৰহ্মপুত্ৰ নদীৰ জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়নৰ দিশটো তদাৰক কৰিবলৈ দায়িত্ব অর্পণ কৰিছে। যিটো দায়িত্ব তেঁও চৰকাৰৰ পৰা এটকাও নোলোৱাকৈ পালন কৰি আহিছে। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অসম চৰকাৰে চোৰাং চিকাৰী প্ৰতিহিত কৰাৰ বাবে আগবঢ়োৱা ২০ খন দ্ৰুতবেগী ইঞ্জিনযুক্ত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত নাওঁ পৰিচালনা কৰাৰ ক্ষেত্ৰটো তাত গৈ উদ্যান কৰ্তৃপক্ষক দিহা পৰামৰ্শ আগবঢ়াইছিল বুলি কমলেশ চন্দ্ৰ চৌধুৰীয়ে জানিবলৈ দিছে।

লগতে পঢ়কঃ অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে বিজেপি নেতা!

Leave A Reply

Your email address will not be published.