Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ মহানগৰ, ৪ অক্টোবৰঃ (Office of the District Commissioner) কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়(District Commissioner)। জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, যানবাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ,পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাস, কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, যানবাহন পৰিদৰ্শক পংকজ দাসকে ধৰি জিলা পথ সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ,স্বাস্থ্য, আবকাৰী আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।(Kamrup (M) Road Safety Committee)

বৈঠকৰ আৰম্ভণিতে বিগত সময়ত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কাৰ্যপন্থা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। দুৰ্গোৎসৱৰ সময়চোৱাত কামৰূপ মহানগৰ জিলাখনৰ কোনো ঠাইতে যাতে যানজঁট সৃষ্টি নহয়, বৰঞ্চ প্ৰতিটো পথতে যাতে সকলো সময়তে সুৰক্ষিত যাতায়াত বজাই ৰাখিব পাৰি তাত অধিক গুৰুত্ব দিয়ে জিলা আয়ুক্ত গৰাকীয়ে ৷

পূজাৰ সময়চোৱাত কোনোৱে যাতে য’তে ত’তে অস্থায়ী দোকান, বজাৰ বহুৱাই বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে তেওঁ জিলাখনৰ পথ-সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি জিলাখনৰ বিভিন্ন এম্বুলেন্সসমূহ চিকিৎসালয়ত ৰোগী থোৱাৰ পিছত এডোখৰ নিদিষ্ট ঠাইত ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে গুৱাহাটী পৌৰনিগমক আহ্বান জনায়।

লগতে পঢ়ক:Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ

Related Articles