২০২১-২২ ‘বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ % উত্তীৰ্ণ’ৰ হাৰৰে উজ্বলিল হাজোৰ পূৱচেচাঁমূখস্থিত কামৰূপ জাতীয় বিদ্যালয়

ৰাজ্যত আজি ঘোষণা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণা হোৱাৰ পিছতেই এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে হাজোৰ পূৱ চেচাঁমূখস্থিত কামৰূপ জাতীয় বিদ্যালয়ত।২০০৯ চনতে স্থাপিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান কামৰূপ জাতীয় বিদ্যালয়ত ২০২১-২২ ‘বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ % উত্তীৰ্ণ’ৰ হাৰ’ৰে সাফল্যৰ হাঁহি বিৰিঙি থকা দেখিবলৈ পোৱা গৈছে । বিদ্যালয় খনত সৰ্বমুঠ ১১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিলে আৰু আটাইকেইগৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।১১ গৰাকীৰ ভিতৰত ২ গৰাকীয়ে ডিষ্ট্ৰিংশ্বন মাৰ্ক,২ গৰাকীয়ে ষ্টাৰ মাৰ্ক,৫ গৰাকীয়ে প্ৰথম বিভাগত আৰু ২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে ।

অৱশ্যে বিদ্যালয়খনিৰ আশানুুৰূপ ফলাফলে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়ত্ৰী সকলক উৎসাহিত কৰি তুলিছে।আৰু অনাগত দিনটো অধ্যায়ন,সততা,একাগ্ৰতাকে শিক্ষা জীৱনৰ মূল মাপকাঠিৰ আদৰ্শ ৰূপে লৈ শিক্ষাৰ্থী সকলে ভৱিষ্যত জীৱনত আগবাঢ়ি গলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰিব বুলি উল্লেখ কৰে বিদ্যালয়ৰ স্বত্বধিকাৰী ও প্ৰধান শিক্ষয়ত্ৰী জাহানাৰ ইয়াছমিনে।

Related Articles