Kamrup News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপকৰ তিনিখনকৈ বিজুলী পাংখা প্ৰদান

৪ এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত সমগ্ৰ অসমৰ চাহ বাগান অধ্যুষিত এলেকাত ১১৮ খন আদৰ্শ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তিৰ শুভাৰম্ভনি হৈছিল।(Kamrup News) এফালে উৎসৱ বিদ্যাৰম্ভৰ কাৰ্যসূচী আনহাতে বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস এই দুয়োটা উদ্দেশ্য আগত ৰাখি আজি কামৰূপ মহানগৰ জিলাৰ ডিগাৰুস্থিত মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী আৰু গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কাকতিয়ে । বিদ্যালয়খনত ষষ্ঠ আৰু নৱম শ্ৰেণীত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাবিদ দুগৰাকীয়ে পাঠ্যপুথি প্ৰদান কৰাৰ লগতে ভৱিষ্যত শিক্ষা জীৱনত সফল হ’বৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা সাধুকোৱা প্ৰতিযোগিতাত প্ৰথম জতি দৰ্জী দ্বিতীয় কিশান ডেকা তৃতীয় লতিকা বড়ো বাতৰি কাকত পঢ়া প্ৰতিযোগিতাত প্ৰথম অজন্তা ফাংছু দ্বিতীয় ললিত কেলেং তৃতীয় সোমেশ্বৰ দাস বানান আৰু যুক্তাক্ষৰ লিখা প্ৰতিযোগিতাত প্ৰথম অজন্তা ফাংছু দ্বিতীয় অম্বিকা বড়ো তৃতীয় ধনশ্ৰী বড়োক লিখন সামগ্ৰী পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয়।

বিদ্যালয়ৰ সদ্য ঘোষিত বাৰ্ষিক পৰীক্ষাত প্ৰতিটো শ্ৰেণীতে তিনিটাকৈ স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক উদ্‌গনিমূলক বঁটা প্ৰদান কৰাৰ লগতে বিদ্যালয়খনৰ গুণোৎসৱত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত গৰিমা তাঁতী আৰু বাৰ্ষিক পৰীক্ষাত আটাইবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অধিক নম্বৰ পোৱা আজন্তা ফাংছুকো বঁটা প্ৰদান কৰা হয়। বিদ্যালয়ৰ প্ৰাৰ্থনাসভা স্থলীত ছাত্ৰ-ছাত্ৰীয়ে যাতে উৎকট গৰমৰ পৰা সকাহ পায় সেই কথাটো অনুভৱ কৰি সভাত উপস্থিত থকা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কাকতিয়ে তিনিখনকৈ বিজুলী পাংখা আগবঢ়ায়। বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে দুয়োগৰাকী বদান্য শিক্ষাবিদকে আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি উৎসাহ যোগোৱা বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত বিদ্যালয় পৰাচালনা সমিতিৰ সদস্য বাসুদেৱ তাঁতীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু একাংশ অভিভাৱকো উপস্থিত থাকে।

Related Articles