গছৰ প্ৰেম মাতৃৰ প্ৰেমৰ দৰেই নিস্বাৰ্থঃ ঘৰৰ চোতালত গছ ৰোপণ কংগনা ৰানাৱটৰ…

ঘৰৰ চোতালত গছ পুলি ৰোপণ কৰা দেখা গ’ল অভিনেত্ৰী তথা নৱ-নিৰ্বাচিত সাংসদ কংগনা ৰানাৱটক।

গছ পুলি ৰোপণ কৰি অভিনেত্ৰী তথা নৱ-নিৰ্বাচিত সাংসদ কংগনা ৰানাৱটে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখিলে ‘বাৰু গছ ৰোপণ কৰাটো মোৰ প্ৰিয় কাম কাৰণ পৃথিৱীত গছৰ বাহিৰে আন কোনো নাই যিয়ে আপোনাক কেৱল দিয়ে আৰু বিনিময়ত আপোনাৰ পৰা একো নিবিচাৰে, মৃত্যুৰ পিছত আপোনাৰ বাবে ফুল, ফল, ছাঁ, উশাহ, বৰষুণ আৰু ইন্ধন হৈ পৰে। গছৰ প্ৰেম মাতৃৰ প্ৰেমৰ দৰেই নিস্বাৰ্থ। গতিকে মাৰ বাবেও এজোপা গছ।এই কেনাৰ গছজোপা বসন্ত কালত গোলাপী ফুল ভৰাই তোলে, মাৰ দৰে ধুনীয়া আৰু আদৰণীয় দেখা যায়। মা আশা কানেৰৰ নামেৰে নামকৰণ কৰা হৈছে।’

Related Articles