Kangana Ranaut: দেশৰ পিতৃ নহয়, দেশৰ সন্তান থাকে : পুনৰ বিতৰ্কত সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱট

হিমাচল প্ৰদেশৰ মাণ্ডীৰ বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱট পুনৰবাৰ বাতৰিৰ শিৰোনামত। ২ অক্টোবৰৰ গান্ধী জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰী আৰু মহাত্মা গান্ধীৰ ওপৰত পোষ্ট দি তেওঁ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।(Kangana Ranaut)

অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা কংগনা ৰানাৱট তেওঁৰ বিতৰ্কিত বক্তব্যৰ বাবে প্ৰায়ে শিৰোনামত থাকে। বুধবাৰে তেওঁ মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে কৃষক আন্দোলন আৰু প্ৰত্যাহাৰ কৰা কৃষি আইন সন্দৰ্ভত কৰা মন্তব্যৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল। ‘ইমাৰ্জেন্সি’ ছবিখনৰ বাবে কংগনা বিতৰ্কৰ সন্মুখীন হৈছিল, এতিয়া হঠাতে কংগনাই আন এক বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে।(Gandhi Jayanti)

বুধবাৰে মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক লৈ ছ’চিয়েল মিডিয়াত পোষ্ট দিছিল। ৰানাৱটে মহাত্মা গান্ধীৰ জাতিৰ পিতা হিচাপে তুচ্ছ-তাচ্ছিল্য কৰা যেন লগা এটা পোষ্টৰ জৰিয়তে শাস্ত্ৰীৰ ১২০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনায়।(Kangana Ranaut Gandhi Jayanti post)

ৰানাৱতে তেওঁৰ ‘ইনষ্টাগ্ৰাম ষ্ট’ৰী’ত লিখিছে, ‘তেওঁ দেশৰ পিতৃ নহয়, দেশৰ সন্তান তাকে। ধন্য এই ভাৰতৰ সন্তানসকল। আন এটা পোষ্টত অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশৰ স্বচ্ছতাৰ ক্ষেত্ৰত গান্ধীৰ উত্তৰাধিকাৰ আগুৱাই নিয়াৰ বাবে কৃতিত্ব দিয়ে।(kangana ranaut controversy)

শাস্ত্ৰী আৰু গান্ধীৰ এই পোষ্টটোৱে হিমাচল প্ৰদেশৰ মাণ্ডী সমষ্টিৰ বিজেপি সাংসদগৰাকীৰ বাবে আন এক বিতৰ্কৰ সৃষ্টি কৰে। এনে বিতৰ্কিত মন্তব্যৰ বাবে সমালোচনাৰ সন্মুকীন হৈছে অভিনেত্ৰী ততা সাংসদগৰাকী। মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম জয়ন্তীত কংগনা ৰানাৱটে কৰা এনে মন্তব্যক ৰাজনাতিবিদৰ পৰা আৰম্ভ কৰি বহু লোকে গৰিহণা দিছে।(lal bahadur shastri)

Related Articles