Breaking

ৰাজনীতিত ভৰি দিয়েই মুম্বাইত ঘৰ বিক্ৰী কংগনা ৰানাৱতৰ…

0 22

হিমাচল প্ৰদেশৰ মাণ্ডী সমষ্টি নৱ নিৰ্বাচিত সাংসদ কংগনা ৰানাৱটে তেওঁৰ মুম্বাইত থকা বিলাসী ঘৰটো বিক্ৰী কৰিছে। অভিনয়ৰ পৰাই ৰাজনীতিৰ জগতত ভৰি দিছে কংগনা ৰানাৱটে। তেওঁ প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়লাভ কৰে। হিমাচল প্ৰদেশৰ মাণ্ডী আসন লাভ কৰি এতিয়া তেওঁ বিজেপিৰ সাংসদ। মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এই ঘৰটোত অৱস্থিত কংগনাৰ প্ৰডাকচন কোম্পানী ‘মণিকৰ্ণিকা ফিল্মছ’। সেই ঘৰটো অধিক মূল্যত বিক্ৰী কৰিছে অভিনেত্ৰীগৰাকীয়ে।

কংগনাই এতিয়া ৰাজনীতিৰ বাবে দিল্লী আৰু হিমাচল প্ৰদেশত বেছিভাগ সময় কটায়। সেইবাবেই আৰম্ভ হৈছে জল্পনা-কল্পনা যে তেওঁ মুম্বাইৰ ঘৰটো বিক্ৰী কৰাৰ। প্ৰশ্ন হয়, ঘৰ বিক্ৰী কৰি কংগনাই মুম্বাই এৰিছে নেকি? তেওঁৰ অভিনয় জীৱনৰ কি হ’ব? অৱশ্যে অভিনেত্ৰীগৰাকীয়ে নিজেই এই খবৰৰ ওপৰত কোনো মন্তব্য কৰা নাই। কংগনাই নিজৰ দুমহলীয়া ঘৰটো ৪০ কোটি টকাত বিক্ৰী কৰিছে। কিন্তু কংগনাই এতিয়া অভিনয় এৰিব বুলি কোনো ইংগিত পোৱা নাই।

Leave A Reply

Your email address will not be published.