Breaking

চিৰাগক উপেক্ষা কৰি মাত নিদিয়াকৈ সন্মুখেৰে পাৰ হৈ গ’ল কংগনা ৰাণাৱট, পিছফালৰ পৰা মাত দিলে চিৰাগে

0 20

কংগনাৰ এয়া অহংকাৰ নে সঁচাকৈয়ে দেখা নাছিল চিৰাগ পাছোৱানক? মাণ্ডি সমষ্টিৰ পৰা সংসদলৈ বিজয়ী হোৱা অভিনেত্ৰী কংগনা ৰাণাৱটে আজি উপেক্ষা কৰিবলৈ ধৰিছিল নিজৰেই এসময়ৰ এগৰাকী সহঃ অভিনেতাক। তেওঁ হৈছে বৰ্তমানৰ ৰাজনীতিক চিৰাগ পাছোৱান। কংগনাই কালি চণ্ডীগড় বিমান বন্দৰত আচহুৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। জয়ৰ আনন্দত এতিয়া যেন আত্মহাৰা হৈ পৰিছে কংগনা। সেয়ে বহু সময়ত তেওঁ কাষত কোন আছে সেই কথাৰ প্ৰতিও যেন লক্ষ্য কৰা নাই। শুকুৰবাৰে লোক জনশক্তি পাৰ্টিৰ নেতা চিৰাগ পাছৱানে মোদীক অভিনন্দন জনায়৷ সেই স্থানতে উপস্থিত হৈছিল কংগনাও। কংগনাই হয়তো চিৰাগ পাছৱানক দেখা নাছিল বাবে দেখিলেও বিশেষ গুৰুত্ব দিয়া নাছিল। সেইবাবেই চিৰাগৰ সন্মুখেৰে পাৰ হৈ যোৱাৰ সময়তো কংগনাই চিৰাগক মাত এষাৰো দিয়া নাছিল। এই কথাত আচৰিত হৈছিল চিৰাগ। সেয়েই তেওঁৰ সন্মুখেৰেই পাৰ হৈ যোৱা কংগনাক পাছফালৰ পৰাই মাত দিলে চিৰাগে। চিৰাগৰ মাত শুনি কংগনা ৰৈ গ’ল আৰু উভতি আহি চিৰাগক সাৱটি ধৰিলে। উল্লেখ্য চিৰাগ পাছোৱান বৰ্তমান এগৰাকী সফল ৰাজনীতিক যদিও লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ মুৰব্বী চিৰাগে অভিনেতা হিচাপেহে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ‘মিলে না মিলে হম’ ছবিৰ জৰিয়তে চিৰাগে অভিনয়ৰ জগতত খোজ পেলাইছিল। ছবি খনত সহঃ অভিনেত্ৰী আছিল কংগনা ৰাণাৱট (২০১১) ।

ছবিখনত পাছোৱানে এগৰাকী ছুপাৰ মডেলৰ প্ৰেমত পৰা টেনিছ খেলুৱৈৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পাছোৱানে বিহাৰৰ জামুইৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱাৰ বিপৰীতে কংগনাই হিমাচলৰ মাণ্ডিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছে। পাছোৱানে কয় যে তেওঁ অভিনেত্ৰী আৰু ৰাজনীতিবিদগৰাকীক অতি সোনকালে সংসদত লগ পাবলৈ আগ্ৰহী। চিৰাগে কংগনাক নির্বাচনত জয়ী হোৱাৰ বাবে অভিনন্দন জনায়৷ আনহাতে, এন ডি এৰ সংসদীয় দলৰ বৈঠকত ভাষণ দি পাছোৱানে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে অকলেই দুখীয়া আৰু ধনীৰ মাজৰ ব্যৱধান দূৰ কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব পাৰিব।

Leave A Reply

Your email address will not be published.