Breaking

জটিল ৰোগত আক্ৰান্ত ডিব্ৰুগড়ৰ জামিৰা গজাই গাঁৱৰ কংকনা সোনোৱাল, অসমবাসী ৰাইজলৈ পৰিয়ালৰ সহায়ৰ বাবে কাতৰ আহ্বান

0 76

দুটা কনমানি সন্তানৰ এগৰাকী মাতৃ ৷ চকুত অযুত সপোন ৷ সপোন তেওঁৰ মাক হিচাপে ল’ৰা দুটাক পঢ়াই শুনাই মানুহ কৰি তোলাৰ ৷ সাধাৰণ এখন ঘৰ এদিন আটোম-টোকাৰিকৈ গঢ়ি তোলাৰো সপোন দেখে তেওঁ ৷ পিচে সেই সপোন এতিয়া তেওঁৰ বাবে দুঃস্বপ্ন ৷ সপোনবোৰ বাস্তৱ ৰূপ দিয়াতো দূৰৰে কথা জীয়াই থকাটোৱেই তেওঁৰ বাবে এতিয়া কষ্টসাধ্য হৈ পৰিছে ৷

কাৰণ, তেওঁ এক জটিল ৰোগত আক্ৰান্ত ৷ জটিল মানে তেওঁৰ দুয়োটা কিডনীয়েই প্ৰায় বিকল হৈ পৰিছে ৷ চিকিৎসকৰ পৰামৰ্শ — কিডনী ট্রান্সপ্লান্ট অবিহনে তেওঁৰ আৰু কোনো বিকল্প নাই ৷ স্বামী সুনিল সোনোৱালে পত্নী কংকনা সোনোৱাল( ৩১) চিকিৎসাৰ বাবে মাটি—সম্পতিকে ধৰি ঘৰৰ সকলো সামগ্ৰী ইতিমধ্যে বিক্ৰী কৰি শেষ কৰিছে ৷

নিজৰ এটা কিডনী পত্নীক দি সহায় কৰিবলৈ আগবাঢ়িও কিডনী ট্রান্সপ্লান্টৰ সেই ব্যয়বহুল বিষয়টোৰ বাবে থমকি ৰ’ব লগীয়া হৈছে স্বামী সুনিল সোনোৱাল ৷ আনহাতে দিন যিমানে আগবাঢ়ি গৈছে সিমানে জটিল হৈ পৰিছে পত্নীৰ স্বাস্থ্য ৷ ডিব্ৰুগড় জিলাৰ মৰান সমষ্টিৰ এই দৰিদ্ৰ পৰিয়ালটোৰ লোকে কান্দি কান্দি চৰকাৰ তথা অসমবাসী ৰাইজৰ ওচৰত কাতৰ আহ্বান জনাইছে ৷

ইয়াৰ বাহিৰে সমুখত তেওঁলোকৰ আন সকলো পথেই বন্ধ ৷ পৰিয়ালটোৰ আহ্বান মৰ্মে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন যোগে খবৰ লোৱাৰ উপৰিও সামৰ্থ্য অনুসৰি বেংক একাউন্টৰ যোগেদি সহায় আগবঢ়াইছে । ডিব্ৰুগড় জিলাৰ আমছুৰ সভানেত্ৰী পাৰবিন আলিৰ নেতৃত্বত এটি মহিলা সমিতিৰ সজাতি দলে শনিবাৰে জামিৰা গজাই গাঁৱৰ সুনীল সোনোৱালৰ বাসগৃহত উপস্থিত হৈ চিকিৎসাৰ বাবে কিছু ধন আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আৰু সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

ইয়াৰ উপৰিও চিকিৎসাৰ বাবে ডিব্ৰুগড় জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰূপ শইকীয়া,”চিনাকি নিমকি” প্ৰতিষ্ঠানৰ স্বতাধিকাৰী গীতাঞ্জলি শইকীয়া, শিৱানী শইকীয়া, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সােনােৱাল, অধ্যক্ষ মদন হাজৰিকা, ডিব্ৰুগড় জিলা মহকুমা কৃষি বিষয়া মালা বৰুৱা শইকীয়া, বন্ধন বেংক ঠাকুৰথান শাখাৰ প্ৰৱন্ধক লিলি শৰ্মা, বগীবিল অঞ্চলৰ সমাজ সেৱক দেৱ চৌহান, ১নং ধমন প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধনেশ্বৰ সোনোৱাল, ধমন পঞ্চায়তৰ সভাপতি ডিম্বেশ্বৰ সোনোৱাল, ডিব্ৰুগড় জিলাৰ কলাখোৱাৰী পৰিয়ালৰ কাৰ্যকৰী সভাপতি ৰূপম সোনোৱালে সামৰ্থ্য অনুসৰি চিকিৎসাৰ বাবে সহায় আগবঢ়াইছে যদিও সেয়া পযাপ্ত নহয় ৷

উল্লেখ্য যে ঘৰৰ যাৱতীয় সামগ্ৰী, মাতি-বাৰি, গোঁহালীৰ গৰু, সাচতীয়া ধন খৰছ কৰি বিগত কেইবা বছৰ ধৰি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকাৰ পিছতো সুস্থ হৈ উঠা নাই মহিলা গৰাকী । যাৰ ফলত উন্নত চিকিৎসা বাবে মহিলা গৰাকীক প্ৰয়োজন হৈছে বৃহৎ ধন । অসহায় হৈ পৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো ।

স্বানীয় বিধায়ক চক্ৰধৰ গগৈক কেইবাৰো আবেদন নিবেদন জনোৱাৰ পাছতো আজি পৰ্যন্ত কোনো ধৰনৰ সঁহাৰি জনোৱা নাই । এতিয়া মহিলা গৰাকীৰ পৰিয়ালে কাতৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক চিকিৎসাৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ উপৰিও অসমবাসী ৰাইজলৈ কাতৰে সহায় কৰিবলৈ আহ্বান জনাইছে।

আপোনালোকৰ কিঞ্চিত মান সঁহাৰিয়ে মহিলা গৰাকীৰ জীৱন যুদ্ধত জীয়াই থকাৰ প্ৰেৰণা যোগাব । ইচ্ছুক ব্যক্তিয়ে +919678794368 যোগাযোগ কৰি মহিলাগৰাকীৰ লেপেটকটা শাখাৰ ইউকো বেংকৰ 22690110039564 একাউন্ট আৰু IFSC- UCBA0002269 কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটিয়ে।

Leave A Reply

Your email address will not be published.