Breaking

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা সম্ভাৱনা কানাড়া অভিনেতা কিচ্চা সুদীপৰ

0 45

কৰ্ণাটকত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। আগন্তুক কৰ্ণাটক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা কিচ্চা সুদীপে। কৰ্ণাটকত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে। ইফালে, কানাড়া অভিনেতা কিচ্চা সুদীপে আগন্তুক কৰ্ণাটকৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে এই সম্ভাৱনা সন্দৰ্ভত কিচ্চা সুদীপে এতিয়া নিজৰ স্থিতি স্পষ্ট কৰিছে। দৰাচলতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইৰ সৈতে সংবাদমেলৰ পূৰ্বে কিচ্চা সুদীপে বুধবাৰে আগন্তুক কৰ্ণাটক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো সম্ভাৱনা স্পষ্টভাৱে অস্বীকাৰ কৰিছে। তেওঁ কয় যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে আৰু ঘনিষ্ঠ সহায়ক তথা প্ৰযোজক মঞ্জুৰ বাবেও টিকট বিচৰা নাই।

অৱশ্যে এই সন্দৰ্ভত কিচ্চা সুদীপে কয় যে তেওঁ ‘কিছুমান কথা চিন্তা কৰিছে’ যিবোৰ তেওঁ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইৰ সৈতে নিৰ্ধাৰিত সংবাদ মাধ্যমৰ যোগাযোগৰ সময়ত আগবঢ়াব। আনহাতে, কিচ্চা সুদীপৰ মেনেজাৰে এজন অচিনাকি ব্যক্তিৰ পৰা চিঠি পাইছিল। এই পত্ৰত সুদীপৰ ব্যক্তিগত ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ ভাবুকি দিয়া হৈছিল। এই চিঠিৰ উত্তৰত সুদীপে কয় যে ‘হয়, মই এক ভাবুকি চিঠি পাইছো আৰু কোনে পঠিয়াইছে মই জানো। মই জানো এয়া চলচ্চিত্ৰ জগতৰ কোনোবা এজন হয়। মই তেওঁলোকক এটা উপযুক্ত উত্তৰ দিম। মোৰ কঠিন সময়ত মোৰ কাষত থিয় দিয়া সেইসকল লোকৰ সপক্ষে কাম কৰিম।

Leave A Reply

Your email address will not be published.