Breaking

ইটাখোলাৰ দিকৰাই চাহ বাগিচাত ‘কৰম পৰৱ’ পালন

0 2,120

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাই চাহ বাগিচাত চাহ জনগোষ্ঠীৰ অন্যতম লোক সংস্কৃতি ‘কৰম পৰৱ’ পালন কৰে। দিকৰাই চাহ বাগিচাৰ সমুহ ৰাইজৰ সৌজন্যত অনুষ্ঠিত কৰম পৰৱৰ মাংগলিক ৰিতী-নীতি অনুসৰি যোৱা ১২ চেপ্টেম্বৰৰ দিনটোত স্থানীয় চাহ জনগোষ্ঠীৰ সাত গৰাকীকৈ কুমাৰী ছোৱালীৰ দ্বাৰা ‘জাৱা উঠোৱা’ কাৰ্যসূচীৰে আৰম্ভ কৰি যোৱা কালি মুল জাগৰণ কাৰ্যসূচী সমাপন কৰে। চাহ জনগোষ্ঠী আদিবাসী লোকসকলে বৈদিক কালৰ পৰাই আনুষ্ঠানিক ভাবে পৰম্পৰাগত ভাবে পালন কৰি অহা উৎসৱটিৰ যোৱা কালি পুৱাৰ ভাগত সাত দিন ধৰি ব্ৰত পালনেৰে ‘জাৱা’ জগোৱা মুলতে সাত গৰাকীকৈ কুমাৰী ছোৱালীয়ে জাৱা জগোৱা কাৰ্যসূচী আৰু সন্দ্ধ্যা বেলাত এগৰাকী কুমাৰ ল’ৰাৰ দ্বাৰা ডাল কটা অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ পিছত অনুষ্ঠানটি আয়োজন কৰা স্থানতে অস্থায়ীকৈ সাজি ৰখা থাপনাত কাটি অনা ডাল আৰু সাতটাকৈ জাৱা স্থাপন কৰে। লগে লগে স্থানীয় সাংস্কৃতি কৰ্মী বিচেম্বৰ কৰ্মকাৰৰ দ্বাৰা কৰম পৰৱৰ কাহিনী(সাধু) কোৱা পৰ্ব সম্পন্ন হয়। ইয়াৰ অন্তত কৰম পৰৱৰ মূল মাংগলিক পূজা অৰ্চনাৰ কৰে আৰু এই কৰম পৰৱ উৎসৱ ভাগক কেন্দ্ৰ কৰি বিশ্বনাথ জিলা আটছাৰ শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰৰ সঞ্চালনাত এটি সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠি কৰে।

উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ,চতিয়া আঞ্চলিক পঞ্চায়ত সভাপতি তথা যুৱ নেতা লক্ষীকান্ত বৰা সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে বিশ্বনাথ জিলা আটছাৰ সহকাৰী সম্পাদক বিনোদ তচা, সদৌ আদিবাসী ছাত্ৰ সন্থা নদুৱাৰ আঞ্চলিক সভাপতি অনন্ত কুজুৰ, উত্তৰ নাগশংকৰ গাঁও পঞ্চায়ত সভানেত্ৰী দীপা তাঁ‌তী,অসম চৰকাৰৰ শিল্পী বঁ‌টা প্ৰাপক তথা জনপ্ৰিয় কন্ঠ শিল্পী সুজিৎ তচা,নদুৱাৰ শাখা আটছাৰ ভাৰ প্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তী আমন্ত্ৰিত অতিথি উপ-সভাপতি লক্ষীনাথ ভূঞা,সহকাৰী সম্পাদক যতীন তচা,সাংগঠনিক সম্পাদক সঞ্জয় কুৰ্মী,প্ৰাক্তন আটছা নেতা তথা শিক্ষক বিজেন তাঁ‌তীসহ বহু কেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অঞ্চলটিৰ উল্লেখনীয় সন্তোষ ঝুমুইৰ দলৰ ৰূহীত তচাৰ পৰিচালনাত আয়োজন কৰা চাহ জনগোষ্ঠীৰ জাতীয় সাজ পাৰ পৰিধানৰ অনলাইন ফ’ট প্ৰতিযোগিতাৰ ফলফল ক্ৰমে প্ৰথম স্থান আমিনা তচা,দ্বিতীয় স্থান জয়ন্তী মল্লিক আৰু তৃতীয় স্থান প্ৰীতি তচাক গামোচা,প্ৰসংশা পত্ৰ আৰু একোটা ট্ৰফীৰে পূৰস্কৃত কৰে। সম্বৰ্দ্ধনা অনুষ্ঠানৰ অন্তত নদুৱাৰ আটছাৰ অন্যতম বিষয়ববীয়া তথা শিক্ষক আনন্দ তচাৰ দ্বাৰা মুকলি কৰা কৰম পৰৱটিৰ অন্যতম মূখ্য অনুষ্ঠান মুকলি আকড়া অনুষ্ঠান আৰম্ভ হয়। মুকলি আখড়াত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাই অনা জনপ্ৰিয় কন্ঠশিল্পী বিক্কি মল্লিক,পায়েল ওৰাঙ আৰু মাৰিউচ কুলদ্বীপৰ গীতৰ অনুষ্ঠানে কৰম পৰৱটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে বুলি মন্তব্য কৰে অয়োজক কমিটিৰ সভাপতি কৰণ তচা আৰু সম্পাদক দুৰ্য্যণ তচাই।

Leave A Reply

Your email address will not be published.