চাপৰৰ চৈবাৰী ঢেমালাইনত কৰম উৎসৱ উদযাপন

ধুবুৰী জিলা “আছা”ই পালন কৰিলে ১৭তম কৰম উৎসৱ।উক্ত মঞ্চৰ পৰাই আদিবাসী সকলক অতি শীঘ্ৰে জনজাতিকৰণৰ দাবী চৰকাৰক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহোযোগত ১৭তম কৰম উৎসৱ ধুবুৰী জিলাৰ চাপৰৰ চৈবাৰী ঢেমালাইন খেলপথাৰত উদযাপন।কৰম পূজা অসমৰ আদিবাসী জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান।

মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষি কাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা কোনো ধৰণৰ বাধা নাহে আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত আদিবাসী লোক সকলোৰ পৰম্পৰাগত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে। লগতে আছায় কয় যে চৰকাৰে কৰম পূজাৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰিছে যদিও বাগানত কৰ্মত শ্ৰমিকসকলক ছুটি দিয়া হোৱা নাই গতিকে আগন্তুক বৰ্ষত যাতে চৰকাৰে কৰম পূজাৰ দিনা বাগান বন্ধ ৰাখে তাৰ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে আদিবাসী সকলক জনজাতিকৰণৰ দাবী চৰকাৰক।

Related Articles