বজালীত কাৰাটে ড’ৰ দুদিনীয়াকৈ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ সম্পন্ন

বজালীত কাৰাটে ড’ৰ উদ্যোগত আৰু বৰপেটা জিলা কাৰাটে সন্থাৰ সৌজন্যত জিলা ভিত্তিক প্ৰশিক্ষণ দুদিনীয়া প্ৰশিক্ষণ ২৩ আৰু ২৪ অক্টোবৰত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হৈ যায়।প্ৰথম দিনা এই উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীব কুমাৰ তালুকদাৰে৷ ইয়াৰ পিচতে গছপুলি ৰোপন কৰে জেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে৷ প্ৰশিক্ষাৰ্থী সকলৰ নাম পঞ্জিয়নৰ পিচতে আবেলি ৩ বজাত প্ৰশিক্ষণৰ আৰম্ভণি কৰা হয়৷  ৬ দান ব্লেক বেল্ট তথা নবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ  পদক পোৱা চেচান সমীৰ দাসে৷ প্ৰশিক্ষনৰ ৱাৰ্ম আপ কৰে ২ ডান ব্লেক বেল্ট পোৱা  ঈশানী দেউৰীয়ে৷এই প্ৰশিক্ষণত প্ৰথম দিনা বজালী কাৰাটে দোৰ প্ৰশিক্ষাৰ্থী সকলৰ উপৰিও বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় ৭৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে৷প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা প্ৰশিক্ষক সকল হল শৈলেন্দ্ৰ দাস বৰপেটা জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক, কৃষ্ণ কান্ত দাস সভাপতি বৰপেটা জিলা ৰাৰটে সন্থা, সঞ্জীৱ দেউৰী, কাৰ্যকৰী সভাপতি, অৰ্ণবজান শৰ্মা,কন্দৰ্প কুমাৰ দাস, ভাস্কৰ শৰ্মা, ঈশানী দেউৰী, ৰাতুল দাস, পংকজ পাঠক, অসীম তালুকদাৰ আৰু দীপক কুমাৰ দাসে৷ আদৰনি সমিতিৰ সভাপতি তুতুল মানব আৰু উপদেষ্টা নৱ তালুকদাৰে প্ৰশিক্ষাৰ্থী সকলক ধন্যবাদ জ্ঞাপন কৰিছে৷ অন্তিম দিনা প্ৰাক্তন বিধায়িকা ড°মলয়া বৰ্মণ আৰু কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাস আদিয়ে প্ৰশিক্ষণ থলীত উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহ প্ৰদান কৰে৷ আনহাতে অসম কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰী, এচিয়ান কাৰাটেৰ প্ৰশিক্ষক ৰমেন পালৰ লগতে ভালেকেইজন প্ৰতিনিধিৰ দলে উপস্থিত থাকে৷

Related Articles