Karate Training Camp: গুজু-ৰিউ স্পোৰ্টছৰ কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ

গুৱাহাটী, ২৮ অক্টোবৰঃ ইণ্ডিয়ান কাৰাটে সংস্থাৰ অসম ৰাজ্যিক গুজু-ৰিউ স্পোৰ্টছ কাৰাটে-ডোৰ অধিনৰ কাৰাটে একাডেমীৰ উদ্যোগত গোৱালপাৰাৰ শোলমাৰাত অনুষ্ঠিত হয় বাৰ্ষিক কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ-২০২৪ৰ(Karate Training Camp)।

উল্লেখ্য, ইণ্ডিয়ান গুজু-ৰিউ স্পোৰ্টছ কাৰাটে-ডো সংস্থাৰ তত্বাৱধানত ৰাজ্যিক ভিত্তিত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটো টেকনিকেল ডাইৰেক্টৰ চিহান সঞ্জীৱ বসুমতাৰী আৰু প্ৰাক্তন সৈনিক তথা ৰাষ্ট্ৰীয় প্ৰশিক্ষক লক্ষণ ৰয়ৰ পৰিচালনাত অনুষ্ঠিত হয়(Martial Arts Training Camp)।

ইফালে বাৰ্ষিক কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ আয়োজক তথা খেলৰ ইনষ্ট্ৰাক্টৰ বুদ্ধেশ্বৰ ৰাভাই জনোৱা মতে, প্ৰশিক্ষণ শিবিৰত ১০০গৰাকীতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে(Karate originates from Japan)।

ইফালে ডিচেম্বৰত উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’ব লগা খেলৰ বাবে খেলুৱৈ বাচনি কৰাৰ বাবে এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে(Indian Karate Association)।

ইফালে গোৱালপাৰা জিলা ড্ৰাগন কাৰাটে একাডেমী গুজু-ৰিউৰ তৰফৰ পৰা জনোৱা মতে প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ইনষ্ট্ৰাক্টৰ ডেৰহাছত নাৰ্জাৰী, বয়ৰাম বসুমতাৰীৰ উপৰি বহু সংখ্যক খেলুৱৈ তথা প্ৰশিক্ষকে অংশগ্ৰহণ কৰে(martial arts management software)।

Related Articles