কৰ’নাই খেদিছে কৰীণাক, কাৰণ দৰ্শাই তৎ পোৱা নাই কৰণে

সুখকৰ নহ’ল বিশ বছৰজোৰা অপেক্ষাৰ স্বপ্নৰ আয়োজন৷ সোমবাৰে বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত এতিয়া ক’ভিডৰ আশংকা বিয়পিছে স্বপ্ননগৰী মুম্বাইত৷ ৮ ডিচেম্বৰৰ নিশা অভিনেতা কৰণ জোহৰে আয়োজন কৰা এটা নৈশ পাৰ্টিত উপস্থিত আছিল বলিউডৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী৷ জোহৰৰ সেই ভোজৰ পৰাই পৰৱৰ্তী সময়ত ক’ভিড বিয়পি পৰা বুলি বোম্বে পৌৰ নিগমে মন্তব্য কৰিছিল৷ অৱশ্যে, কৰণ জোহৰে সেই কথাক নস্যাৎ কৰিছিল৷

এতিয়া প্ৰশ্ন হৈছে, কৰণ জোহৰৰ সেই নৈশ পাৰ্টিত মহাৰাষ্ট্ৰৰ কোনো মন্ত্ৰী উপস্থিত আছিল নেকি ? বলীউডত ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ পাছত বিজেপি নেতাই এই প্ৰশ্ন উত্থাপন কৰিছে৷ বিজেপি নেতা আশিস শ্বেলাৰে কৰণ জোহৰৰ বাসগৃহৰ চিচিটিভি ফুটেজ বিচাৰি বোম্বে পৌৰ নিগমলৈ পত্ৰ প্ৰেৰণ কৰিছিল, যাতে পাৰ্টিত কোন কোন উপস্থিত আছিল সেয়া জানিব পৰা যায়।

পাৰ্টিত উপস্থিত থকা বলীউডৰ কেইবাগৰাকীও অভিনয়শিল্পী ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত পজিটিভ কৰণ জোহৰৰ বাসভৱন ‘ছীল্ড’ কৰা হৈছে৷ পাৰ্টীত কোনো মন্ত্ৰী থকাৰ আশংকা কৰা আশিস শ্বেলাৰে কয় যে কৰীণা কাপুৰ আৰু ছোহেল খানৰ পত্নী সীমা খানৰ মন্তব্যৰ মাজত পাৰ্থক্য আছে। এইটো কিছুমানৰ নাম লুকুৱাবলৈ কৰা চেষ্টা নেকি বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ লগতে কয় পৌৰ নিগমৰ বিষয়াসকলে মোৰ সৈতে ভাগ বতৰা কৰা তথ্য অনুসৰি, সীমা খানে জোহৰৰ ঘৰত নৈশ ভোজত উপস্থিত থকা সকলো লোকৰ নাম প্ৰকাশ কৰা নাছিল। মই ভাবো এইটো ৮ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। তেওঁ বাদ দিয়া নামবোৰ পোহৰলৈ আহিছিল যেতিয়া কৰীণা কাপুৰক বিএমচি বিষয়াসকলে যোগাযোগ যোগাযোগ কৰিছিল। এই কথাই নৈশ ভোজত উপস্থিত থকা লোকৰ সঠিক সংখ্যাৰ বিষয়ে সন্দেহ বৃদ্ধি কৰে।

Related Articles