গুৱাহাটী, ৬ নৱেম্বৰঃ ৰাজ্যলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) পৰিদৰ্শন কৰিবলৈ ব্ৰক্ষ্মপুত্ৰৰ কুকুৰে জাহাজেৰে দ্বিতীয়টো পৰ্যটকৰ দল মঙ্গলবাৰে বিয়লি কলিয়াবৰৰ শিলঘাট জাহাজঘাটত উপস্থিত হয়।
এই দলটোতে নিউজিলেণ্ডৰ ১০১ বছৰীয়া আইতাই লাখুটি লৈ আহিল অসমলৈ(Assam)। নেন্সি ৰৱাৰ্টচ্ নামৰ এশ বছৰ গৰকা আইতাই(Zealand grandmother Nancy Rowarts) ভাৰতৰ প্ৰেমত পৰি চতুৰ্থবাৰলৈ অসম ভ্ৰমণ কৰা আইতাই কঁকাল ভাঙি নাচিলে বিহুনাচ।
অসমৰ সেউজ পৰিৱেশ, চাহ বাগিচা, কাজিৰঙাৰ গঁড়, হাতী, হৰিণা, নদ-নদীয়ে সদায় আকৰ্ষণ কৰে বুলি ৰৱাৰ্টচে অতি আনন্দৰে জনায়। সেয়ে চতুৰ্থ বাৰলৈ অসমলৈ আহিছে। নিজকে এতিয়াও যুৱতী বুলি হাঁহি-হাঁহি জীৱন থাকিলে আকৌ অসমলৈ আহিব। গুৱাহাটীৰ পাণ্ডুৰ পৰা এম.ভি. মহাবাহু(MV Mahabahu) জাহাজেৰে লুইতৰ বুকুৰে আহি শিলঘাটত উপস্থিত পৰ্যটকৰ দলটো।
দলটো উপস্থিত হৈয়ে ১৮৪০ চনত ব্ৰিটিছ ডানল’প কোম্পানীয়ে স্থাপন কৰা বৰ্তমানৰ কলিয়াবৰ চাহ বাগিচাৰ সুন্দৰ পৰিৱেশত ১৬জনীয়া বিদেশী পৰ্যটকৰ দলটোয়ে মনোমোহা সেউজ পৰিৱেশ উপভোগ কৰে। কলিয়াবৰ পৰ্যটনক্ষেত্ৰত উপস্থিত হৈ কলিয়াবৰ চাহ বাগিচিৰ সেউজ পৰিৱেশত বিহু নৃত্য(Bihu Dances) চায় আনন্দ লোৱাৰ লগতে অসম সমবায় মৰাপাট কল, কলিয়াবৰ চাহ বাগিচাৰ কাৰখানা পৰিদৰ্শন কৰে বিদেশী পৰ্যটকৰ দলটোৱে।
মূলতঃ বয়োজ্যেষ্ঠ লোকৰে গঠিত বিদেশী ককা-আইতা অসমলৈ পৰ্যটক হিচাপে অহি কলিয়াবৰত বিহু নৃত্যত মন্ত্ৰমুগ্ধ হ’ল বিদেশী¸ ককাল ভাঙি নাচিলে বিদেশীনিয়ে।
২০২৪-২৫ পৰ্যটন বৰ্ষৰ এয়া দ্বিতীয়টো বিদেশী পৰ্যটকৰ দল আহি উপস্থিত কলিয়াবৰ পৰ্যটনক্ষেত্ৰত।
গুৱাহাটীৰ পাণ্ডুৰ পৰা এমভি মহাবাহু জাহাজৰে লুইতৰ জলপথেৰে শিলঘাটত আহি উপস্থিত হোৱা ১৬ জনীয়া বিদেশী পৰ্যটকৰ দলটিত নিউজিলেণ্ড¸ কেইবাখনো ইউৰোপীয় দেশ আৰু চীনৰ বিদেশী পৰ্যটক আছিল।
মঙ্গলবাৰৰ নিশাটো জাহাজতে কটাই আজি পুৱাই পুনৰ ৰাওনা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে বিদেশী পৰ্যটকৰ দলটো।