কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ভিতৰুৱা স্থানত উচ্ছেদ, ধাৱা-ৰেষ্টুৰেণ্টত চলিল প্ৰশাসনৰ বুলড’জাৰ

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰি এনিমেল ক’ৰিডৰৰ ৰাঙলুত কলিয়াবৰ চক্ৰ বিষয়াৰ নেতৃত্বত উচ্ছেদ অভিযান। ৰাঙলুৰ গ’ গ্ৰীণ, কৃষ্ণাঙ্গী ধাৱাকে ধৰি চাৰিখন ৰেষ্টুৰেণ্টত প্ৰশাসনে উচ্ছেদ চলাই। কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সমীপৰ অবৈধভাৱে নিৰ্মাণ কৰা ৰিজৰ্ট, ৰেষ্টুৰেণ্ট, হোটেলৰ বিৰুদ্ধে উচ্ছেদ অভিযান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণত প্ৰশাসনৰ উচ্ছেদ অভিযান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ নিচেই সমীপৰ ২০১৯ চনৰ পাছৰে পৰা নিৰ্মাণ হোৱা ৰিজৰ্ট, ৰেষ্টুৰেণ্ট, হোটেলৰ বিৰুদ্ধে উচ্ছেদ অভিযান। আজিৰ উচ্ছেদ অভিযানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ ৰাঙলুৰ গ’ গ্ৰীণ, কৃষ্ণাঙ্গী, খোলোং ৰেষ্টুৰেণ্ট-ধাৱাকে ধৰি চাৰিখন ৰেষ্টুৰেণ্টত প্ৰশাসনে উচ্ছেদ চলাই।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ এনিমেল ক’ৰিড’ৰৰ ধাৱা-ৰাষ্টুৰেণ্টত উচ্ছেদ চলায় কলিয়াবৰ প্ৰশাসনে। মহকুমা প্ৰশাসনে বন বিভাগৰ সহযোগত চলাই এই উচ্ছেদ। উল্লেখ্যে যে বোকাখাতৰ পৰিবেশ কৰ্মী ৰোহিত চৌধুৰীয়ে ২০১৮ বৰ্ষৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনৰ ভিত্তিত ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা কাজিৰঙাৰ দক্ষিণে থকা কাৰ্বি আংলং পাহাৰৰ শিল খনন আৰু এনিমেল কৰিডৰত নিৰ্মান কাৰ্য সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছিল। ২০১৯ বৰ্ষৰ ১২ এপ্ৰিলৰ পিছত নিৰ্মাণ কৰা বাগৰীৰ বনৰজা মটেল নামৰ ব্যক্তিগত ৰিজৰ্টখনৰ নির্মাণৰত ৰান্ধনীশালটো উচ্ছেদৰ জাননী জাৰী কৰিছিল কলিয়াবৰ মহকুমা প্ৰশাসনে।

উল্লেখ্যে যে কাজিৰঙাৰ ৯টা এনিমেল কৰিডৰত অবৈধ নির্মাণক লৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পিছতেই তৎপৰ হৈছিল গোলাঘাট, নগাঁও জিলা প্ৰশাসনৰ লগতে বন বিভাগো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৯ টাকৈ এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণকাৰ্যক লৈ কঠোৰ হৈছিল উচ্চতম ন্যায়ালয়। যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰ যোগে চাৰি সপ্তাহৰ ভিতৰত এই কৰিডৰসমূহত চলা নির্মাণকার্য সম্পূর্ণৰূপে ধ্বংস কৰিবলৈ নির্দেশনা দিছিল সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটিয়ে৷ কিন্তু সেই সময় সীমাৰ ভিতৰত উচ্ছেদ নোহোৱাত পুনৰ পৰিবেশকৰ্মী ৰোহিত চৌধুৰীয়ে পুনৰ অভিযোগ দাখিল কৰাত তৎপৰ হৈ পৰে প্ৰশাসন।সেই অনুসৰিয়েই শনিবাৰে নগাঁও প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি উচ্ছেদ অভিযান চলায় কলিয়াবৰ মহকুমা প্ৰশাসনে। বৃহস্পতিবাৰৰ দিনটোত কলিয়াবৰৰ আমগুৰিত এনিমেল কৰিড’ৰত উচ্ছেদ চলাই প্ৰশাসনে।উল্লেখ‍্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পথৰ দুইকাষৰ ভালেমান হোটেল, ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টৰ অবৈধ নিৰ্মাণ চলি থকাৰ পাছতো স্বজন-তোষণ নীতিৰ আধাৰত বিশেষ দুই-এখনতহে উচ্ছেদ হৈছে বুলি অভিযোগ উঠিছে।আনহাতে, চক্ৰ বিষয়াই উচ্চতম ন‍্যায়ালয়ৰ নিৰ্দেশ মতে পৰ্য‍্যায়ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত সকলো অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হ’ব। আজিৰ পৰা আৰম্ভ হোৱা উচ্ছেদ অভিযান অনিৰ্দিষ্ট কাললৈ চলি থাকিব।

Related Articles