লকডাউনত বিপৰ্যয়ৰ সন্মুক্ষীণ কাজিৰঙাৰ পৰ্যটন উদ্যোগ । হোটেল-ৰেষ্টুৰেন্ট-লজ-ধাৱা-জীপ- চাফাৰীৰ ব্যৱসায়ৰ লগত জড়িত হেজাৰ হেজাৰ লোক কৰ্মহীন ৷

দ্বীপেন শইকীয়া

লকডাউনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগটো চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। পৰ্যটনৰ ক্ষেত্ৰত কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনেই বিগত এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ডেৰ কোটিৰো অধিক টকা লোকচানৰ সন্মুখীনৰ প্ৰভাৱত পৰিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ প্ৰতিটো বৰ্ষৰ ১৫ মে’ৰ আগত অন্ত পৰে। এপ্ৰিল-মে’ মাহৰ সময়ছোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যান খনলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ পৰা ডেৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল।এইবাৰ তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ থকাত এই মাহ দুটাত এটকাও উপাৰ্জন কৰিবলৈ সক্ষম নহ’ল। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান খনে বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগীয়া হয়।
ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালক জনে আৰু সদৰী কৰা অনুসৰি,এই বৰ্ষটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ ক্ষেত্ৰ খনলৈ দুৰ্যোগ নামি আহে জানুৱাৰী মাহৰ পৰাই।সেই সময়ত ৰাজ্য খনত তীব্ৰতৰ হৈ থকা কা বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী- বিদেশী পৰ্যটকৰ আগমন যথেষ্ট পৰিমাণে হ্ৰাস পায়। আনহাতে, যোৱা ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যান খনলৈ কিছু সংখ্যক পৰ্যটকৰ আগমণ ঘটে যদিও কৰ’ণাৰ আতংকৰ বাবে লগতে যোৱা ২৪ মাৰ্চৰ পৰা বলবৎ কৰা তলাবন্ধৰ বাবে আজি পৰ্যন্ত দুমাহৰো অধিক কাল বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হৈ আছে।ফলত ৰাষ্ট্ৰীয় উদ্যান খনলৈ এজনো দেশী- বিদেশী পৰ্যটকৰ আগমন ঘটা নাই।ইয়াৰ লগে লগেই ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰ্যটন ক্ষেত্ৰ খনলৈ নামি আহে চৰম বিপৰ্যয়।
ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত হেজাৰ হেজাৰ লোকৰ জীৱনলৈকো তলাবন্ধই চৰম বিপৰ্যয় নমাই অনা পৰিলক্ষিত হৈছে। দীঘলীয়া তলাবন্ধৰ ফলত একপ্ৰকাৰৰ কৰ্মহীন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান খনৰ আশে পাশে থকা হোটেল,ৰেষ্টুৰেন্ট,ধাৱা,লজৰ ব্যৱসায়ী সকল আৰু তাত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলো।তলাবন্ধৰ বাবে দুমাহৰো অধিক কাল ৰাষ্ট্ৰীয় উদ্যান খন বন্ধ হৈ থকাত বন্ধ হৈ পৰে জীপ চাফাৰী,হাতী চাফাৰীও।জীপ চাফাৰী,হাতী চাফাৰীৰ লগত জড়িত শ শ লোকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। স্মৰ্তব্য যে, কাজিৰঙাৰ পৰ্যটন উদ্যোগটোৰ সৈতে সংপৃক্ত কেতবোৰ ব্যৱসায়ৰ লগত অঞ্চলটোৰ প্ৰায় পাঁচ হেজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী জড়িত হৈ জীৱিকা নিৰ্বাহ কৰিছিল।কা বিৰোধী আন্দোলনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগটো, হোটেল,ধাৱা,লজ,ৰেষ্টুৰেন্ট,জীপ চাফাৰীৰ লগত জড়িত লোক সকলে পৰৱৰ্তী সময়ত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা তলাবন্ধৰ সময়ত জীৱিকাকে হেৰুৱাই দিক বিদিক হেৰুৱাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।এই লোক সকলৰ বাবে চৰকাৰে কিবা চিন্তা কৰিবনে ? এইটো তেওঁ লোকৰ সন্মুখত এক উত্তৰ বিহীন প্ৰশ্ন হৈ ঠিয় দিছে ৷
ইপিনে,আগৰ দৰে এইবাৰো অহা অক্টোবৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খন পুনৰ মুকলি কৰাৰ সম্ভাৱনা আছে যদিও একেআষাৰে কোৱা বৰ্তমান সময়ত অতিকৈ সহজ নহব ৷

ভ্ৰাম্যভাষঃ  ৮৭২৪৯-১০১৪৪

Related Articles