Breaking

এই ৫ টা ফল ফ্ৰীজত ৰাখিলে নষ্ট হয় পুষ্টিকৰ উপাদান…

0 74

ফ্ৰীজ আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে, কাৰণ ই খাদ্য বহুদিনলৈ সতেজ কৰি ৰাখিব পাৰে, কিন্তু আপুনি জানেনে যে কিছুমান ফল ফ্ৰীজত ৰাখিব নালাগে। কাৰণ তেনে কৰিলে এই ফলবোৰত থকা পুষ্টিকৰ উপাদানবোৰ নষ্ট হৈ যাব আৰু তেতিয়া সেইবোৰ খালেও কোনো লাভ নহ’ব। সেই ৫ টা ফল কি কি জানো আহক-


১/ কল
কল ফ্ৰীজত ৰাখিলে ক’লা হ’বলৈ আৰম্ভ কৰে আৰু সোনকালে নষ্ট হয়। এই ফলৰ পৰা ইথিলিন গেছ নিৰ্গত হয় যাৰ ফলত আন ফলবোৰ সোনকালে পকিব পাৰে।

২/ আপেল
আপেল অতি সোৱাদযুক্ত আৰু পুষ্টিকৰ ফল, কোৱা হয় যে দৈনিক এটা আপেল খালে চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাথাকিব। আপেল ফ্ৰীজত ৰাখিলে ইয়াৰ পুষ্টিকৰ উপাদান হেৰাই যাব পাৰে। যদি ফ্ৰীজত ৰখাৰ প্ৰয়োজন হয়, তেন্তে আপেল কাগজেৰে মেৰিয়াই ৰাখিব।

৩/ তৰমুজ
তৰমুজত পানীৰ পৰিমাণ অতি বেছি, সেয়েহে ই শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰে।যিহেতু ইয়াৰ আকাৰ যথেষ্ট ডাঙৰ, গতিকে আমি ইয়াক এবাৰতে খাব নোৱাৰো, সেয়েহে আমি কিছুমান অংশ কাটি ফ্ৰীজত ৰাখোঁ। কিন্তু এনে কৰিলে এই ফলত থকা এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদানসমূহ ধ্বংস হ’ব পাৰে।

৪/ লিচু
লিচুও এনেকুৱা ফল যে ফ্ৰীজত বেছি সময় ৰাখিলে ভিতৰৰ পৰা পচিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পুষ্টিকৰ উপাদানবোৰ নোহোৱা হ’বলৈ ধৰে, সেয়েহে একেদিনাই খাবলগীয়া হ’লেহে বজাৰৰ পৰা আনিব লাগে।

৫/ আম
যদি গ্ৰীষ্মকালত আম নাখায়, তেন্তে এই বতৰ যেন আধৰুৱা। যিহেতু আম সোনকালে পকিলে নষ্ট হ’ব পাৰে, গতিকে আমি ফ্ৰীজত থৈ দিওঁ, কিন্তু তেনে কৰিলে আমত থকা পুষ্টি আৰু এন্টিঅক্সিডেন্ট কমিবলৈ আৰম্ভ কৰে।


Leave A Reply

Your email address will not be published.