Breaking

পুনৰ যাব লাগিব কাৰাগাৰলৈ! অতিৰিক্ত ৭ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰি কেজৰিৱালৰ আৱেদন, উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে শীঘ্ৰে শুনানিৰ অনুৰোধ…

0 49

জামিনৰ ম্যাদ উকলিবলৈ বেছি দিন নাই। পুনৰ কাৰাগাৰলৈ যাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উচ্চতম ন্যায়ালয় নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালক ২১ দিনৰ অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰিছিল। সেই জামিনৰ ম্যাদ ১ জুনত অন্ত পৰিব। সেয়ে অতিৰিক্ত ৭ দিনৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে কেজৰিৱালে ন্যায়ালয়ত আবেদন জনাইছে। আপে উচ্চতম ন্যায়ালয়ত এই আবেদনৰ শীঘ্ৰে শুনানি অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাছিল যদিও উচ্চতম ন্যায়ালয়ে খৰখেদাকৈ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত নহ’ল।
আম আদমী পাৰ্টিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই কেইদিনত কেজৰিৱালৰ কেইবাটাও শাৰীৰিক পৰীক্ষা সম্পন্ন কৰিব লাগিব। ইয়াৰ ভিতৰত আছে পিইটি-চিটি স্কেন আদি। মূলতঃ এই পৰীক্ষাটো কেন্সাৰ নিৰ্ণয় কৰিবলৈ কৰা হয়। আপৰ মতে কেজৰিৱালে একাধিক শাৰীৰিক পৰীক্ষা কৰিবলগীয়া হোৱাৰ বাবেই অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰিব বিচাৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে যে কমেও ৭ দিনৰ বাবে জামিন বৃদ্ধি কৰিব লাগে। ইয়াৰ লগতে কেজৰিৱালৰ অধিবক্তাই শীঘ্ৰে শুনানিৰ বাবেও অনুৰোধ জনায়। কিন্তু উচ্চতম ন্যায়ালয়ে শীঘ্ৰে শুনানিৰ বাবে আবেদন খাৰিজ কৰে।


মন কৰিবলগীয়া যে ২১ মাৰ্চত ইডিয়ে আবকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। দুসপ্তাহমান পিছত তেওঁক তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল। ইডিৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। তেওঁৰ অধিবক্তাই দাবী কৰে যে কেজৰিৱালক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাত বাধা দিবলৈ ইচ্ছাকৃতভাৱে জে’ললৈ প্ৰেৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে ১০ মে’ত কেজৰিৱালক ২১ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অৰ্থাৎ উচ্চতম ন্যায়ালয়ে ১ জুনলৈকে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল। ইয়াৰ পিছতে তেওঁক আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

Leave A Reply

Your email address will not be published.