মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিল খাৰ্গে, অনুপস্থিত তৃণমূল কংগ্ৰেছ…

নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সন্ধিয়া ৭-১৫ বজাত ৰাষ্ট্ৰপতি ভৱনত তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানলৈ বিশ্বৰ ৭ খন দেশৰ ৰাষ্ট্ৰ নেতাসকলক নিমন্ত্ৰণ জনোৱা হৈছিল। একেদৰে দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাকো নিমন্ত্ৰণ জনোৱা হৈছিল। ৰাজনৈতিক সৌজন্যতাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। অৱশ্যে তৃণমূল কংগ্ৰেছ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে বুলি দেওবাৰে পুৱাই স্পষ্ট কৰি দিছিল। দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। কিন্তু শপতগ্ৰহণ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ শনিবাৰে সন্ধিয়ালৈকে কোনো বিৰোধী দলৰ ওচৰলৈ যোৱা নাছিল। নিশা তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ সুদীপ বেনাৰ্জীক বিদায়ী মন্ত্ৰীসভাৰ এজন মন্ত্ৰীয়ে অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল। সুদীপ বেনাৰ্জীয়ে কয় , “ৰাতি মোক নিমন্ত্ৰণ কৰিছিল। কিন্তু মোৰ দলে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।”

সুদীপৰ দৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও নিশাহে নিমন্ত্ৰণী পত্ৰখন পাইছিল। দেওবাৰে পুৱা কংগ্ৰেছে অৱগত কৰিছিল যে মোদীৰ শপত গ্ৰহণত খাৰ্গে উপস্থিত থাকিব। আন বিৰোধী দলৰ পৰাও একাংশ নেতাক আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণলৈ নিমন্ত্ৰণ নিদিয়াৰ বাবে অৱশ্যে শনিবাৰে বিয়লি কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰিছিল। দলৰ প্ৰচাৰ বিভাগৰ মুৰব্বী জয়ৰাম ৰমেশে ক্ষোভ প্ৰকাশ কৰি কৈছিল “প্ৰধানমন্ত্ৰীয়ে শপতগ্ৰহণ অনুষ্ঠানলৈ বিদেশীৰ নেতাক নিমন্ত্ৰণ জনাইছে, কিন্তু দেশৰ নেতাক নিমন্ত্ৰণ কৰিবলৈ সময় নাপালে। বিৰোধীৰ সৈতে আগবাঢ়ি যাব বুলি কৈছে মোদীয়ে। কিন্তু এয়া আপোনাৰ অৱজ্ঞা কৰাৰ নমুনা নেকি?”
ইফালে নৰেন্দ্ৰ মোদীয়ে শপত লোৱাৰ পূৰ্বে পুৱা ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈও তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related Articles