প্ৰতিটো উৎসৱ যেন খিচিৰিৰ অবিহনে খাদ্যৰ প্লেট আধৰুৱা। কিন্তু এতিয়া সেই একে খিচিৰিয়ে এক সুকীয়া সোৱাদ আৰু সুগন্ধিলৈ ৰূপান্তৰিত হৈ চেলিব্ৰিটিসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে। প্ৰতিদিনে খিচিৰি খাই ভাল পাইনে?(Khichdi)
ডাৱৰীয়া বতৰত বহুলোকে ভালপাই খিচিৰি খাই। সেই খিচিৰি এক সুকীয়া সোৱাদ আৰু সুগন্ধিলৈ ৰূপান্তৰিত হৈ চেলিব্ৰিটিসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ কৰীনা কাপুৰ খানে এটা সাক্ষাৎকাৰত কয় যে তেওঁ খিচিৰি বহুত প্ৰিয়। সপ্তাহত পাঁচ দিন খিচিৰি খাই কৰীণাই।
খিচুৰীৰ বহু উপকাৰ আছে-
ধানৰ পৰা পোৱা কাৰ্বহাইড্ৰেট আৰু মচুৰ দাইলৰ পৰা পোৱা প্ৰটিন সকলো শৰীৰত প্ৰৱেশ কৰে। খিচিৰিৰ প্লেট মানে ইয়াৰ পৰা কাৰ্বহাইড্ৰেট, প্ৰটিন, ফাইবাৰ, আৰু স্বাস্থ্যকৰ চৰ্বি লাভ কৰিব পাৰি। শাক-পাচলি মিহলি কৰিলে বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়।
খিচিৰিত কম তেল ব্যৱহাৰ কৰা হয়, গতিকে পেটৰ বাবে নিশ্চিতভাৱে ভাল। চাউল আৰু মচুৰ দাইলৰ মিশ্ৰণেৰে তৈয়াৰী খিচিৰিয়ে শৰীৰক পুষ্টিকৰ উপাদান প্ৰদান কৰে। ওজন নিয়ন্ত্ৰণতো সহায় কৰে। গেছ আৰু হাৰ্টবাৰ্ণৰ সমস্যা হ’লেও খিচিৰি খাব পাৰে। এই খাদ্যও সোনকালে হজম হয়।
প্ৰতিদিনে খিচিৰি খাব পাৰিনে-
প্ৰতিদিনে খিচিৰি খালে ইয়াৰ লগতে আন বস্তুও খাব লাগে। চাউলৰ লগত কিমান দালি মিহলায় সেই বিষয়ে সাৱধান হোৱাটো জৰুৰী। প্ৰতিদিনে বেছিকৈ দাইল খালে প্ৰটিনৰ মাত্ৰা বাঢ়িব। যিসকলক প্ৰটিন কমকৈ খাই তেওঁলোকে পৰিমিতভাৱে খাব লাগে।
খিচিৰিত শাক-পাচলি মিহলাই ল’ব লাগে। অন্যথা কেৱল কাৰ্বহাইড্ৰেট আৰু প্ৰটিনহে শৰীৰত প্ৰৱেশ কৰিব। ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব। তেনে ক্ষেত্ৰত তেজপাত, পনিৰ, বা দৈ শাক-পাচলিৰ সৈতে পৃথকে পৃথকে খোৱাই ভাল।
ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে প্ৰতি নিশা খিচিৰি খাব নালাগে। তেনে ক্ষেত্ৰত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ৰাগী, কুইনোয়া আৰু অটছৰ খিচিৰি খোৱাটো ইয়াতকৈ বেছি উপকাৰী হ’ব।