ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মূখত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যৌথ উদ্যোগত ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। উক্ত প্ৰতিবাদত প্ৰায় শতাধিক পূৰুষ মহিলা অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ সাব্যস্ত কৰি চাপৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।