নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত অগ্ৰণী নেতাগৰাকীৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামৰ বিষয়ে জানক…

সুভাষ চন্দ্ৰ বসু : ২৩ জানুৱাৰী ১৮৯৭-১৮ আগষ্ট ১৯৪৫) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল। ১৯৪২ চনত জাৰ্মানীত Indische Legionৰ ভাৰতীয় সৈন্যসকল আৰু বাৰ্লিনস্থিত Special Bureau for Indiaৰ জাৰ্মান আৰু ভাৰতীয় বিষয়াসকলে তেওঁক প্ৰথমে “নেতাজী” সম্বোধনেৰে মাতিছিল আৰু বৰ্তমান সমগ্ৰ ভাৰতে তেওঁক এই সন্মানেৰে জানে।

১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আছিল আৰু পিছলৈ ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।অৱশ্যে মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ আন শীৰ্ষ নেতৃত্বৰ সৈতে মতৰ অমিল হোৱাত তেওঁক ১৯৩৯ চনত কংগ্ৰেছ নেতৃত্বৰপৰা অব্যাহতি দিয়া হয়। ১৯৪০ চনত তেওঁ ভাৰত এৰাৰ আগলৈকে ব্ৰিটিছৰ হাতত ঘৰবন্দী হৈ থাকিব লগা হৈছিল।

১৯৪১ চনৰ এপ্ৰিলত বসু জাৰ্মানীত উপস্থিত হয়। জাৰ্মান নেতৃত্বই অপ্ৰত্যাশিতভাৱে ভাৰতৰ স্বাধীনতাৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰে। ১৯৪১ চনৰ নৱেম্বৰ মাহত জাৰ্মান পূঁজিৰে বাৰ্লিনত Free India Centre স্থাপন কৰা হয় আৰু তাৰ কিছুদিন পাছতে Free India Radio আৰম্ভ কৰা হয় আৰু ৰাতি এই ৰেডিঅ’ৰ সম্প্ৰচাৰ বসুৱে কৰে। Erwin Rommelৰ আফ্ৰিকা কৰ্প্‌ছে কৰায়ত্ত কৰা ভাৰতীয়সকলক লৈ Free India Legion নামেৰে প্ৰায় ৩০০০ জনীয়া এক বাহিনী গঠন কৰা হয়।

এই বাহিনীৰ উদ্দেশ্য আছিল ভৱিষ্যতে জাৰ্মানীৰ সম্ভাব্য স্থলপথেৰে ভাৰত আক্ৰমণত সহায় কৰা। এই সময়তে তেওঁৰ পত্নী Emilie Schenklয়ে এটি কন্যা সন্তানৰ জন্ম দিয়ে। ১৯৪২ চনত দক্ষিণ এছিয়াত জাপানৰ জয়লাভ আৰু জাৰ্মানীয়ে বেলেগ কামক অগ্ৰাধিকাৰ দিয়াত, জাৰ্মানীৰ ভাৰত আক্ৰমণৰ সম্ভাৱনীয়তা কমি যায় আৰু বসু দক্ষিণ এছিয়ালৈ আহিবলৈ ব্যগ্ৰ হৈ পৰে। ১৯৪২ চনৰ মে’ মাহত তেওঁ প্ৰথম আৰু একমাত্ৰবাৰ এডল্ফ হিটলাৰক লগ পায়। হিটলাৰেও তেওঁক দক্ষিণ এছিয়ালৈ যাবলৈ পৰামৰ্শ দিয়ে আৰু তেওঁক ছাবমেৰিনৰ যোগান ধৰাৰ কথা দিয়ে। ১৯৪৩ চনৰ ফেব্ৰুৱাৰীত বসুৱে এখন জাৰ্মান ছাবমেৰিনত যাত্ৰা আৰম্ভ কৰে আৰু মাদাগাস্কাৰত তেওঁক এখন জাপানী ছাবমেৰিনলৈ বদলি কৰা হয়। ১৯৪৩ চনৰ মে’ মাহত তেওঁ জাপান অধিকৃত সুমাত্ৰাত পদাৰ্পণ কৰে।

জাপানৰ সহযোগত বসুৱে ইণ্ডিয়ান নেচনেল আৰ্মীক (INA) পুনৰুজ্জীৱিত কৰে আৰু ছিংগাপুৰৰ যুদ্ধত বন্দী হোৱা ব্ৰিটিছ-ভাৰতীয় সেনাবাহিনীৰ ভাৰতীয় সৈন্যসকলক একত্ৰিত কৰে। জাপানীসকলে তেওঁলোকৰ অধিকৃত বাৰ্মা, ফিলিপাইন, Manchukuo আদিত পুতলা চৰকাৰ বা তেওঁলোকৰ অনুগ্ৰহাধীন প্ৰভিজনেল চৰকাৰ চলোৱাত সহায় কৰিছিল। জাপান আধীকৃত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুক্ত ভাৰতৰ প্ৰভিজনেল চৰকাৰ গঠন হয় আৰু ইয়াৰ নেতৃত্ব দিয়ে বসুৱে। [17][18] আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী বসুৱে জনপ্ৰিয় ভাৰতীয় শ্লোগান “জয় হিন্দ”ৰ প্ৰথম প্ৰচাৰ কৰে। বসুৰ নেতৃত্বৰ ইণ্ডিয়ান নেচনেল আৰ্মী আছিল ভৌগোলিক বৈচিত্ৰ, ধৰ্মীয় বৈচিত্ৰ্যআৰু লিংগ বৈচিত্ৰৰ এক উদাহৰণ।

কিন্তু তেওঁ আছিল সামৰিকভাৱে অদক্ষ আৰু তেওঁৰ সামৰিক কৰ্মৰাজী ক্ষন্তেকীয়াহে আছিল। ১৯৪৪ৰ শেষৰফালে আৰু ১৯৪৫ৰ প্ৰথমভাগত ব্ৰিটিছ-ভাৰতীয় সেনাবাহিনীয়ে প্ৰথমবাৰৰ বাবে জাপানী সৈন্যৰ আগ্ৰাসনক বাধা দিয়ে আৰু জাপানী সৈন্যৰ ভাৰত আক্ৰমণক বিফল কৰে। আধা জাপানী সৈন্যৰ লগতে এই যুদ্ধত ভাগ লোৱা INAৰ আধা সৈন্য এই যুদ্ধত নিহত হয়।INA মলয় উপদ্বীপৰ ফালে পলাই যাবলৈ আৰু পাছত ছিংগাপুৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। বসুৱে নিজৰ সৈন্য বা জাপানী সৈন্যৰ সৈতে আত্মসমৰ্পণ কৰাৰ পৰিৱৰ্তে মাঞ্চুৰিয়ালৈ পলাই যাবলৈ বিচাৰে যাতে লাহে লাহে ব্ৰিটিছবিৰোধী হৈ অহা ছোভিয়েট ইউনিয়নৰ লগত ভৱিষ্যতে লগ লাগিব পাৰে। কিন্তু তেওঁৰ উৰাজাহাজ টাইৱানত দুৰ্ঘটনাত পতিত হোৱাত তেওঁ মৃত্যুমুখত পৰে। [21] কিছুসংখ্যক ভাৰতীয়ই এই দুৰ্ঘটনাৰ কথা বিশ্বাস কৰা নাছিল আৰু বহুলোকে, বিশেষকৈ বংগৰ বহু লোকে বিশ্বাস কৰিছিল যে বসু পুনৰ আহি ভাৰতক স্বাধীনতা প্ৰদান কৰিব।

ভাৰতীয় জাতীয় কংগ্ৰেছে বসুৰ দেশভক্তিৰ প্ৰশংসা কৰিছিল কিন্তু বসুৰ মতাদৰ্শ আৰু কৰ্মপদ্ধতিৰপৰা, বিশেষকৈ fascismৰ সৈতে তেওঁৰ সহযোগিতাসমূহৰপৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিছিল। ব্ৰিটিছ প্ৰশাসনে ৩০০ জন INA বিষয়াক INA trialত দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত কৰে কিন্তু শেষত উঠাই লয়।

Related Articles