Breaking

ৰোগ প্ৰতিৰোধত তিয়ঁহে কেনেদৰে দেহত সহায় কৰে জানক…

0 25

তিয়ঁহ এবিধ লতাজাতীয় একবৰ্ষী গছ। ইয়াৰ বৈজ্ঞানিক নাম । তিয়ঁহ এবিধ ৰসাল ফল। ইয়াত যথেষ্ট পৰিমাণে পানী পোৱা যায়। গৰম দিনৰ কাৰণে ই উৎকৃষ্ট খাদ্য। তিয়ঁহত খনিজ লৱণ যথেষ্ট পৰিমাণে পোৱা যায়। কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ছডিয়াম, কপাৰ, ছালফাৰ, ভিটামিন বি, চি পোৱা যায়। ই কম প্ৰ’টিনযুক্ত। ইয়াত শৰ্কৰা আৰু কেল’ৰিও যথেষ্ট কম থাকে কাৰণে সকলোৱে খাব পাৰে। তিয়ঁহ কেঁচাই, চাটনি বা চালাড কৰি নাইবা আঞ্জা কৰিও খাব পাৰি। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • গৰমৰ দিনত প্ৰস্ৰাৱ কম হ’লে তিয়ঁহ খাব লাগে- প্ৰস্ৰাৱ হয়।
  • বাতবিষ বা ইউৰিক এচিডৰ কষ্ট পোৱাসকলৰ বাবে তিয়ঁহ উপকাৰী।
  • যিকোনো কীট-পতংগই কামোৰা স্থানত তিয়ঁহৰ ৰস লগালে আৰাম পোৱা যায়।

  • তিয়ঁহ খালে খাদ্য সহজে হজম হয়। অৱশ্যে ই নিজে হজম পলমকৈ হয়।
  • তিয়ঁহৰ ৰস শৰীৰত লগাই ১৫-২০ মিনিটৰ পাছত ধুই দিলে ছাল সতেজ হোৱাৰ লগতে নিমজ হয়।
  • ৰ’দে পোৰা ছালত সমপৰিমাণৰ তিয়ঁহৰ ৰস, দৈ আৰু নেমুৰ ৰস লগালে পোৰা ছালৰ দাগ আঁতৰে।
  • মধুমেহ ৰোগীৰ বাবে তিয়ঁহ মহৌষধ।

লেখিকা: ললিতা শৰ্মা লহকৰ

Leave A Reply

Your email address will not be published.