মূৰৰ বিষত বনৌষধ :
১) নহৰু বা পিঁয়াজ থেঁতেলাই নাকেৰে শুঙিলে মূৰৰ বিষ কমে। নাইবা পূৰৈ শাকৰ গুটি কপালত ঘঁহিলে মূৰৰ বিষ নোহোৱা হয়।
২) দোৰোণ শাকৰ ৰস ২/৩ টোপাল নাকেৰে উজালে মূৰৰ বিষ নোহোৱা হয়। নাইবা সিজুৰ পাতৰ ৰসত কালজীৰা বটি কপালত লেপ দিলে মূৰৰ বিষ নাইকিয়া হয়।
৩) পচতীয়াৰ পাত মোহাৰি শুঙিলে মূৰৰ বিষ কমে, নিশা শোৱাৰ সময়ত গাৰুৰ তলত পচেতীয়াৰ পাত ৰাখিলে ভাল কাম দিয়ে।
৪) এৰা গছৰ শিপা বটি মূৰত প্ৰলেপ দিলে মূৰৰ বিষ নাইকিয়া হয়। নাইবা ৰক্ত কৰৱীৰ শিপা কাটি কপালত প্ৰলেপ দিলে মূৰৰ বিষ নাশ হয়।
৫) বকুলৰ ফুল, পাত বা ফল বটি নাকেৰে ঘ্ৰাণ ল’লে মূৰৰ বিষ নোহোৱা হয়। নাইবা কেঁচা পাণ এখিলা কপালত লগাই ৰাখিলে অথবা ৰুমালেৰে বান্ধি ৰাখিলে মূৰৰ বিষ নোহোৱা হয়।
৬) ছালকুঁৱৰীৰ পাত বটি মূৰত ভৰণ দিলে নাইবা নেমু টেঙা এটা দুফাল কৰি কপালত ঘঁহিলে মূৰৰ বিষ নাইকিয়া হয়।
৭) ৰক্ত চন্দন পতাত ঘঁহি চন্দন তুলি কপালত লগালে মূৰৰ বিষ কমে। ভূতমূলাৰ আগ মোহাৰি কপালত ঘঁহিলেও আদকপালি মূৰৰ বিষ নোহোৱা হয়।
৮) শতমূলৰ ৰস এৱাঁ গাখীৰ আৰু চেনি মিহলাই খালে আদকপালি মূৰৰ বিষ ভাল হয়।
৯) কেহেৰাজ বা ভৃংগৰাজৰ ৰস ছাগলীৰ গাখীৰ মিহলাই ৰ’দত তপতাই তপত থাকোতেই নাকেৰে উজালে আদকপালি বা সূৰয কপালি মূৰৰ বিষ নাইকিয়া হয়।
১০) নীলা অপৰাজিতাৰ শিপা বা পাতৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়। নাইবা নিচাদলত চূণ মিহলাই শুঙিলেও মূৰ কামোৰণি ভাল হয়।
১১) গাখীৰেৰে ক’লা তিল বটি নাকেৰে উজালে আদকপালি বা সূৰ্য কপালি মূৰৰ বিষ ভাল হয়।
১২) ডালচেনি, য’খাৰ আৰু নাৰিকলৰ ফুল সমানে লৈ মিহিকৈ বটি কপাল বা কুমত লেপন দিলে মূৰৰ বিষ নাইকিয়া হয়।