Breaking

গ্ৰীন কফি খাই কিদৰে ওজন নিয়ন্ত্ৰণ কৰিব পাৰি জানক…

0 54


ইতিবাচক প্ৰভাৱ –

গ্ৰীন কফিৰ গুটিত ক্ৰন’লজিকেল এচিড পোৱা যায়। এনেধৰণৰ কফি পান কৰাৰ ফলত শৰীৰত মেটাবলিজম ৰেট সঠিক হৈ থাকে। যিয়ে শৰীৰত ইতিবাচক প্ৰভাৱ পেলায় আৰু এই ইতিবাচক প্ৰভাৱে আপোনাৰ দৈনন্দিন কৰ্মক্ষেত্ৰত কাম কৰাৰ বাবে অধিক উদ্যম যোগায়।

ওজন নিয়ন্ত্ৰণত সহায় –

গ্ৰীন কফিৰ গুটিত ভিটামিন আৰু মিনাৰেলছ ভৰপূৰ হৈ থাকে। এনে উপাদানে আমাৰ শৰীৰত পোষক তত্ত্বৰ স্তৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। ই আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো সহায় কৰে। গতিকে গ্ৰীন কফি পান কৰাৰ অভ্যাস গঢ়ি তোলক।

প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্টযুক্ত উপাদান –

এণ্টিঅক্সিডেণ্টযুক্ত উপাদানেৰে সমৃদ্ধ গ্ৰীন কফিয়ে শৰীৰত হ’বলগীয়া হানিকাৰক প্ৰভাৱৰ পৰা বচাই ৰাখি স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰে। ইতিমধ্যে গ্ৰীন কফি এশ শতাংশই স্বাস্থ্যসন্মত বুলি প্ৰমাণ হৈছে।

ৰক্তচাপ নিয়ন্ত্ৰণ:

আজিকালিৰ বহু লোকৰে হাৰ্টএটেক, ৰক্তচাপ, কিডনী আদিৰ সমস্যা হয়। এনে সমস্যাসমুহ প্ৰতিৰোধ বা উপশম ঘটোৱাত গ্ৰীন কফিৰ উপকাৰিতা যথেষ্ট। দৈনিক গ্ৰীন কফি পান কৰাৰ ফলত শৰীৰত কলেষ্টেৰল বৃদ্ধি নহয় আৰু ব্লাড প্ৰেছাৰ বা ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

সীমিত কেফিনৰ মাত্ৰা –

সাধাৰণতে আমি দৈনন্দিন পান কৰা অধিকাংশ কফিতে ৭-৯ শতাংশ কেফিন পোৱা যায়, যিটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক। কিন্তু গ্ৰীন কফিত কেফিনৰ পৰিমাণ নাই বুলিয়েই ক’ব পাৰি। এনে গ্ৰীন কফি অধিক মাত্ৰাত খালেও দিনটোৰ চৌব্বিশ ঘণ্টা সুস্থ মনেৰে, উদ্যমেৰে কাম কৰি যাব পাৰে।

ডায়েবেটিছ নিয়ন্ত্ৰণ:

শৰীৰত জমা হোৱা শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে গ্ৰীন কফি পান কৰক। গ্ৰীন কফিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। লগতে ওজনো হ্ৰাস হয়।

Leave A Reply

Your email address will not be published.