ৰঙালাউক কেনেদৰে দৰৱ হিচাপেও ব্যৱহাৰ কৰে জানক…

ৰঙালাউ কমলা বৰণৰ হোৱাৰ মূলতে ইয়াত প্ৰচুৰ পৰিমাণে লুটেইন, বিটা কেৰ’টিন আদি থাকে যিবোৰ সুস্বাস্থ্য বৰ্তাই ৰখাই ৰখাত অপৰিহাৰ্য্য। ইয়াত থকা কেৰটিনৰ পৰা দেহত ‘ক’ খাদ্যপ্ৰাণ উৎপাদন হয় যিয়ে কেতবোৰ কৰ্কট ৰোগ, কলিজাৰ বিকাৰ, মূত্ৰধাৰৰ সমস্যা, বিষ আদি দূৰতে বিদূৰ কৰাৰ উপৰি বৃদ্ধাৱস্থা প্ৰতিহত কৰে।

হালধীয়া-বগা চোকোৰাটো গুচাই বীজৰ ভিতৰৰ শাহখিনি খাদ্য হিচাপে গ্ৰহণ কৰিলে শৰীৰৰ বৃদ্ধি তথা সুৰক্ষাৰ বাবে প্ৰয়োজনীয় মেগনেছিয়াম, লো, মেংগানিজ, দস্তা আদি উপযুক্ত পৰিমাণে লাভ কৰে। তদুপৰি ইয়াৰ পৰা প্ৰচুৰ প্ৰ’টিন, আঁহ, চৰ্বি তথা কেলৰি পোৱা যায়।

দেহে খাদ্যৰ পৰা আহৰণ কৰা শক্তি কেলৰি এককত প্ৰকাশ কৰা হয়। পশ্চিমীয়া দেশত লাউৰ বীজৰ পৰা তেল উলিওৱা হয় যাৰ উচ্চ পুষ্টি মূল্য, অনন্য সোৱাদ তথা সেউজীয়া বৰণৰ বাবে ই সেউজ সোণ। মাখনৰ বিকল্প হিচাপে এই তেল এবিধ সুস্বাদ্য উপাদেয় খাদ্য আৰু চাটনিৰ লগত সানি খাই পৰম তৃপ্তি পোৱা যায়।

Related Articles