পুৰুষৰ কাৰণে পিয়াঁজ খোৱাৰ ৫ টা উপকাৰিতা জানক…

পিয়াঁজত ভালেকেইবিধ উপকাৰী উপাদান থাকে আৰু এইকেইটা উপাদানে পুৰুষৰ ভালেমান স্বাস্থ্যজনিত সমস্যা সমাধান কৰিব পাৰে।পিয়াঁজ খাই থাকিলে পুৰুষৰে নহয়,মহিলাৰো অস্থি:সন্ধিৰ ৰোগৰ লগতে কেবাপ্ৰকাৰৰ সংক্ৰমণো নিয়ন্ত্ৰণ হৈ থাকে।

কেৱল এনে ধৰণৰ ৰোগেই নহয়,শৰীৰত বাহ লোৱা অন্য ভালেমান ৰোগো আঁতৰি থাকে বাবে কোৱা হয় যে,পিয়াঁজ খাই থাকিলে মানুহৰ বয়স নেবাঢ়ে অৰ্থাৎ শৰীৰত বয়স বৃদ্ধিৰ চাপ নপৰে।এইবিলাক কথা হয়তো আপোনালোকে জানেই।পিছে এতিয়া আপোনালোকক ক’ব খুজিছো ,পুৰুষৰ ভালেমান শাৰীৰিক দুৰ্বলতা পিয়াঁজে কেনেকৈ দুৰ কৰি ৰাখে,সেই বিষয়েহে।

পিয়াঁজৰ গুণ-

  • বগা পিয়াঁজৰ এচামুচ ৰসৰ লগত দুচামুচ মৌ মিহলাই প্ৰতিদিনে খাই থাকিলে শৰীৰৰ দুৰ্বলতা দুৰ হয় আৰু যৌনশক্তিও বাঢ়ে।
  • ১০০ গ্ৰাম যনীৰ গুড়িৰ লগত চাৰি-পাঁচটা বগা পিয়াঁজৰ ৰস মিহলাই বটলত ভৰাই টানকৈ সাঁফৰ মাৰি থৈ দিয়ক।প্ৰতিদিনে পুৱা এই মিশ্ৰণৰ পৰা এচামুচ পৰিমাণত লৈ ঘিউ আৰু চেনি মিহলাই খাওক।এই ব্যৱস্থা একেৰাহে এমাহ মান ব্যৱহাৰ কৰিলে লাহে লাহে আপোনাৰ শৰীৰলৈ শক্তি ঘুৰি আহিব।

  • এচামুচ পিয়াঁজৰ ৰস,এচামুচ আদাৰ ৰস মিহলাই পুৱা-গধুলি খাওক।এই মিশ্ৰণে শৰীৰৰ দুৰ্বলতা,এলাহ ভাব,অলপতে লগা ভাগৰ আদি সমস্যাবোৰ দুৰ কৰিব।
  • এটা পিয়াঁজ সৰু সৰুকৈ কুটি লৈ ঘিউত সামান্য ভাজি লওক।এই ভজা পিয়াঁজ দৈনিক এচামুচ মৌৰ লগত পুৱা খালী পেটত খাই থাকিলে শৰীৰৰ দুৰ্বলতা নাইকিয়া হয়।
  • এশ গ্ৰাম পিয়াঁজ এক লিটাৰ পানীত উতলাই লওক।যেতিয়া পানী শুকাই গৈ এগিলাচ পৰিমাণত থাকিব,তেতিয়া নমাই লৈ চেকি,সেই পানীত দুচামুচ মৌ মিহলাই খাওক।শৰীৰৰ দুৰ্বলতা ,এলাহ আৰু অৱসাদ আঁতৰ হ’ব।

Related Articles