অসমীয়া মানুহৰ বেছিভাগৰে আজি পুৱাৰ জলপান বুলি ক’লে ৰুটি-তৰকাৰি, ব্রেড-বাটাৰ, কণী আৰু বহুতৰ ঘৰত মেগি, ই-পি, চাওচাওৱে ঠাই পাইছে। অসমীয়া মানুহৰ পুৱাৰ যি জলপান আছিল তেনে জলপান মানুহৰ ঘৰত দেখিবলৈ পোৱা নাযায়। কেনেবাকৈ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে কেতিয়াবা চিৰা-পিঠাগুড়ি খালেও নতুন প্রজন্মৰ ল’ৰা-ছোৱালীয়ে অসমীয়া চিৰা-পিঠাৰ নামকে শুনিব নোখোজে। পিতৃ-মাতৃৰ কৃপাত আজিৰ বহু ল’ৰা-ছোৱালীয়ে অসমীয়া জলপান চিনিকে নাপায়। অসমীয়া জলপানৰ নামকে নাজানে। কিন্তু অসমীয়া জলপানসমূহে যে কিমান উপকাৰী। এই জলপান খায়েই অসমৰ গ্ৰামীণ সমাজৰ লোকসকলে বাৰী-ঘৰৰ কাম কৰিবলৈ গাত শক্তি পাইছিল। পথাৰৰ কাম কৰিছিল। চিৰা, কোমল চাউল, কল, গুৰৰ জলপানে দেহত কম শক্তি যোগাইছিল নে! এই জলপানৰ গুণ লাভ কৰিব পৰা যাবনে মেগি-চাওচাওৰ পৰা?
অসমীয়া জলপানসমূহ অসমীয়া খাদ্য-সংস্কৃতিৰ এটা সন্মানীয়, আদৰৰ-চেনেহৰ অংগ। কাঁহৰ বাটিত সজাই দিয়া জলপানৰ বাটিটো দেখিলেই মন ভাল লাগি যায়। অসমীয়া জলপান কেৱল দেখাতেই সুন্দৰ, আদৰৰ-চেনেহৰ বুলিয়েই নহয়, এই জলপান প্ৰচুৰ পুষ্টিগুণেৰে ভৰা। পিঠাগুড়ি, কৰাইগুড়ি, চিৰা-মুড়ি, আখৈ এই সকলোৰে পৰা খাদ্যপ্রাণ পোৱা যায়। এই জলপান খালে পেটটো লঘু হৈ থাকে। এই জলপানসমূহ তৈয়াৰীত কোনো কৃত্রিমতা নাই। সম্পূর্ণ অকৃত্ৰিম ৰূপত ঘৰৰ চাউলেলেই তৈয়াৰ কৰা হয়। সেইদৰে কোমল চাউল-চিৰা আদি খাবলৈ সোৱাদৰ লগতে ইয়াত প্ৰচুৰ খাদ্যগুণ পোৱা যায়।
পানীত তিয়াই থোৱা কোমল চাউলত আৱশ্যকীয় ভিটামিন, প্ৰ’টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে। চিৰাতো এইখিনি গুণ পোৱা যায়। সেইবাবেই অতীতৰ পুৰুষ-মহিলাসকলে এই জলপান খাই শৰীৰ আটিল আৰু কৰ্মঠ কৰি ৰাখিব পাৰিছিল। দিনজোৰা কৰ্মত ব্যস্ত থাকিব পাৰিছিল। জলপানৰ লগত খোৱা দৈয়ে আকৌ শৰীৰ সুৰক্ষিত কৰি ৰখা প্লাজমা প্ৰ’টিন, হ’ৰমন, উৎসেচক আৰু প্ৰতিজৈৱিক প্রস্তুত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। দৈয়ে বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে। হাঁড়-দাঁতৰ গঠনত ইয়াৰ সবল ভূমিকা আছে। পেলুৰ সমস্যা, মানসিক চাপ আৰু উত্তেজনা নিয়ন্ত্ৰণত সহায়ক। এনে জলপানত অভ্যস্ত আছিল বাবেই পূৰ্বৰ মানুহ যথেষ্ট নিৰোগী, মনোবল থকা লোক আছিল।
আজিৰ ল’ৰা-ছোৱালীয়ে গুৰ নাখায়। কিন্তু গুৰত যথেষ্ট পৰিমাণে আইৰন, ফছফৰাছ, কেলচিয়াম, ভিটামিন-এ, বি নিহিত থাকে। গুৰে তেজ পৰিস্কাৰ কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। হৃদযন্ত্র শক্তিশালী কৰাত গুৰৰ বৃহৎ ভূমিকা আছে। গুৰে প্ৰস্ৰাৱৰ দোষ নাইকিয়া কৰাৰ লগতে বৃক্ক সবল কৰে। চিৰা, কোমল চাউল, পিঠাগুড়ি, মুড়ি আদিৰ লগত খোৱা কলৰ ভূমিকা জানো নতুনকৈ ক’বলগীয়া আছে। সকলোৱে জানেই কল ফলৰ ৰজা। ইয়াত আৱশ্যকীয় সকলো উপাদান আছে। তেনেহ’লে কিয় অৱহেলা কৰে আমাৰ জলপানৰ বাটিতো।
মেগি, চাও চাও আৱিস্কাৰ হোৱাৰ আগেয়ে এই জলপান খায়েই অসমীয়া মানুহে সমাজৰ গুৰি ধৰিছিল। সেই কথা পাহৰি গ’লে নচলিব। ঘৰখনত জলপান মজুত ৰাখিলে, পিতৃ-মাতৃয়ে নিজে খালে আৰু সন্তানক সৰুৰে পৰা এনে জলপান খোৱাৰ অভ্যাস কৰালে, খাদ্য সম্পর্কে মনত সচেতনতা বঢ়াই গ’লে এই খাদ্যগুণসম্পন্ন জলপানৰ দ্বাৰা পৰিয়ালটিক সুস্বাস্থ্যৰ কৰি গঢ়ি তুলিব পাৰি। আমাৰ জলপানসমূহ শুকান বাবে ঘৰতে তৈয়াৰ কৰি বা কিনি টেমাত ভালদৰে সাঁফৰ মাৰি সৰহ দিন ৰাখিব পাৰি। খাবৰ পৰত কষ্ট নকৰাকৈ সহজে লৈ খাব পাৰি। অতিথিক আমাৰ জলপান খুৱাবলৈ বেয়া পাব নালাগে, অতিথিয়েও খাবলৈ পালে মনত আনন্দহে পাব লাগে। ভাৰতৰ প্ৰত্যেক ৰাজ্যৰে নিজা খাদ্য সম্ভাৰ আছে আৰু তেওঁলোকে নিজ নিজ খাদ্য সম্ভাৰক স্বীকৃতি দিয়ে আৰু মানি চলে। এনেবোৰ কথাত আমি চকু দিব লাগে।