অমিতাত থকা পেপেইন নামৰ উৎসেচকে প্ৰ’টিন জীন নিওৱাত সহায় কৰে। সাধাৰণতে কেঁচা ফলতহে এই উৎসেচক গাঢ় হৈ থাকে। অমিতাৰপৰা এই উৎসেচক উলিয়াই আনি হজমকাৰক হিচাপে ব্যৱহৃত হয়। চেনিৰ ৰসৰ লগত উতলাই অমিতাৰ মিচিৰি তৈয়াৰ কৰে। অমিতাক বৰফত পৰিণত কৰি এবিধ সুস্বাদু খাদ্য(আইচক্ৰীম), জেলী তৈয়াৰ কৰাৰ উপৰি খাদ্য নষ্ট নোহোৱাকৈ বহুদিনলৈ ৰাখিবলৈ সংৰক্ষক হিচাপে প্ৰয়োগ কৰে।
মাংসৰ ব্যঞ্জন প্ৰস্তুত কৰোঁতে বহুতো লোকে আমিতা ব্যৱহাৰ কৰে কিয়নো মাংস সিজোৱাত সহায় কৰে। বাণিজ্যিকভাৱে মাংস কোমল কৰিবলৈ অমিতা ব্যৱহাৰ কৰাৰ লগতে ইয়াৰে ছুইংগাম প্ৰস্তুত কৰে। মুখত ঘঁহা প্ৰসাধন সামগ্ৰী, ছেম্পু, দন্তমঞ্জন আদি তৈয়াৰ কৰোঁতে পেপেইন ব্যৱহৃত হয়।
খাদ্যপ্ৰাণ ‘ক’ তথা ‘গ’ৰ ভঁৰাল হোৱা হেতুকে অমিতাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা টনকিয়াল কৰে বাবে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰা শিশুসকলে সঘনে ভোগা অসুখ-বিখুসৰপৰা নিস্তাৰ পায়। অমিতা খালে কাণৰ সংক্ৰমণ, পানী লগা জ্বৰ, চৰ্দি আদিৰপৰা ৰেহাই পায়।
খাদ্যপ্ৰাণবোৰ পৰ্যাপ্ত পৰিমাণে থকা অমিতা খাদ্য হিচাপে সঘনে গ্ৰহণ কৰা মধুমেহ ৰোগী হৃদযন্ত্ৰৰ বিকাৰত আক্ৰান্ত হোৱাৰপৰা ৰক্ষা পৰে। এই ফলত প্ৰচুৰ পৰিমাণে থকা আঁহবোৰে মলাশয়ত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ বান্ধি পেলাই অংগটোক সুস্থ কৰি ৰাখে।
তদুপৰি আঁহৰ লগত ফলেট, ‘গ’ খাদ্যপ্ৰাণ, বিটা কেৰ’টিন আৰু ‘ও’ খাদ্যপ্ৰাণে মলাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৰোধ কৰে। অমিতাত থকা পেপেইন আৰু কাইম’পেপেইন নামৰ প্ৰ’টিন নিওৱা উৎসেচকে পোৰা ঘাঁৰ পোৰণি লাঘৱ কৰি ঘাঁ ততালিকে শুকুৱায়। ‘গ’ খাদ্যপ্ৰাণ তথা বিটা কেৰ’টিনৰ লগ লাগি উৎসেচকবোৰে হাঁপানী, গাঁঠিৰ বিষ, গ্ৰন্থি বাত আদিত ভোগা ৰোগীৰ পোৰণি হ্ৰাস কৰে।
অমিতাত থকা প্ৰতিজাৰকবোৰে অকাল বাৰ্দ্ধক্য নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সৰু ল’ৰা-ছোৱালী তথা প্ৰাপ্তবয়স্ক লোক উভয় শ্ৰেণীয়ে অমিতা খোৱাত কোনোধৰণৰ বাধানিষেধ নাই। বয়সস্থ লোকে ইয়াক সঘনে খাদ্য হিচাপে গ্ৰহণ কৰিলে তেওঁলোকক বয়সৰ পৰিৱৰ্তে ডেকা যেন প্ৰত্যক্ষ কৰা যায়।
মুখৰ প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰিবলৈ অমিতাৰ ব্যৱহাৰ হয়। ইয়াৰ বীজৰ সোৱাদ সামান্য তিতা যদিও কৃমিৰ চিকিৎসাত বিশেষ ফলদায়ক। খাদ্যৰ স্বাভাৱিক পৰিপাকত সহায় কৰা পেপেইন কোষ্ঠকাঠিন্য দূৰ কৰি স্বাস্থ্যৰ বিশেষ উপকাৰ সাধন কৰে। দেহৰ ওজন হ্ৰাস কৰিব বিচাৰিলে অমিতা বৰ উপকাৰী খাদ্য, কিয়নো ইয়াত কেল’ৰিৰ মাত্ৰা সামান্য বাবে দেহৰ ভাৰ বৃদ্ধি নকৰে।
মহিলাৰ ক্ষেত্ৰত অমিতা ভক্ষণে ঋতুকাল নিয়মীয়া কৰি ৰাখে। তদুপৰি ৰজঃস্বলা সময়ত হ’ব পৰা বিসংগতি লাঘৱ কৰে। অধ্যয়নৰ জৰিয়তে লাভ কৰা তথ্য অনুযায়ী অমিতা পাতৰ ৰস সেৱন কৰি ডেংগুৰপৰা নিৰাময় লাভ কৰিব পাৰি।
অমিতা পাত চেপি উলিওৱা ৰস সেৱন কৰিলে তেজৰ অনুচক্ৰিকাৰ সংখ্যা বৃদ্ধি কৰে। আনহাতে, ডেংগু জ্বৰে আক্ৰমণ কৰিলে এইবোৰৰ সংখ্যা হ্ৰাস পায়। পকা অমিতাৰ সোৱাদ মিঠা যদিও ইয়াত থকা চেনিৰ পৰিমাণ সামান্য সেইবাবে মধুমেহ ৰোগীয়ে ইয়াক খোৱাত বাধা নাই।
অমিতাত থকা ‘ক’ খাদ্যপ্ৰাণে চকুৰ দৃষ্টিশক্তি ঠিকে ৰাখে বাবে ইয়াক নিয়মিতভাৱে খালে দৃষ্টিশক্তি অটুট থাকে।
বয়স বৃদ্ধিৰ লগত জড়িত দৃষ্টিশক্তিৰ অৱনতি অমিতাৰ নিয়মীয়া ভক্ষণে প্ৰতিৰোধ কৰে। অমিতা প্ৰতিজাৰক পদাৰ্থ, উদ্ভিদজ পোষক দ্ৰব্য তথা ফ্লেভনয়ডছ আদিত অতিশয় চহকী হোৱা হেতুকে মুক্তমূলকবোৰৰ কাৰ্য প্ৰতিৰোধ কৰি কোষবোৰক ক্ষতিৰপৰা ৰক্ষা কৰে।
কেতবোৰ অধ্যয়নে প্ৰকাশ কৰে মতে, কেঁচা-পকা দুয়োবিধ অমিতা নিয়মীয়া খাদ্য তালিকাত অন্তৰ্ভুক্ত হ’লে মলাশয় তথা মদন গ্ৰন্থিৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস পায়। মানসিক চাপ হ্ৰাস কৰিবলৈ প্ৰতিজাৰকৰ সহায় অপৰিহাৰ্য বাবে নিয়মীয়াকৈ অমিতা খোৱাৰ অভ্যাস কৰিব লাগে, য’ত প্ৰচুৰ পৰিমাণে প্ৰতিজাৰক থাকে।
লেখক: আনন্দ দেৱগোস্বামী