পিয়াজত প্ৰ’টিন, কাবোহাইড্ৰ্ট,কেলচিয়াম,আয়ৰন,ভিটামিন ‘এ’, ‘বি’, আৰু ‘চি’, থাকে ।পিয়াজ আমাৰ খাদ্যত অপৰিহাৰ্য হোৱাৰ বাবেই ইয়াৰ মূল্য ও বাঢ়ি আহিছে। পিয়াঁজ খালে শৰীৰত বল শক্তি বাঢ়ে।পিত্ত্নাশক। ৰঙাঁ পিয়াঁজ আৰু বগা পিয়াঁজ দুয়োবিধৰে খাদ্যমূল্য যথেষ্ট বেছি।পিয়াঁজ খালে হজম শক্তি বৃদ্ধি হয়।প্ৰ্স্ৰাৱৰ জ্বলা-পোৰা ভাল হয় আৰু অন্যান্য বহু সমস্যা দূৰ কৰে।
পিয়াঁজৰ ঔষধি গুণ বোৰ
কুকুৰীকণা অসুখত:
পিয়াঁজৰ শাহখিনি পানীত উতলাই চাহৰ দৰে খালে কুকুৰীকণা গুচে।অন্য এটা ব্যৱহাৰ হ’ল-পিয়াঁজৰ ৰস ১০গ্ৰাম উলিয়াই তাত অকণমান নিমখ দিব লাগে।মিশ্ৰ্ণখিনিৰ পৰা মাএ দুই টোপাল চকুৰ কোণত দিব লাগে।এই মিশ্ৰ্ণখিনিত মৌজোল কেইটোপালমান দি চকুত দুইটোপাল দিলে দৃষ্টি শক্তি বাঢ়ে।
টোপনি নহা বা নিদ্ৰাহীনতাত : পিয়াঁজৰ ৰস এবাৰকৈ দুচামুচ পৰিমাণে ৰাতি শোৱাৰ আগে আগে এসপ্তাহ খালেই এই সমস্যা দূৰ হয়।পিয়াঁজৰ ৰস এচামুচত অলপমান চেনি দি খালেও টোপনি নহা মানুহৰ টোপনি আহে।
চকুত ছানি পৰা ৰোগত:
পিয়াঁজৰ ৰস ১০মিলিগ্ৰাম,১০মিলিগ্ৰাম আদাৰ ৰস ,নেমুৰ ৰস ১০মিলিগ্ৰাম আৰু ৫০মিলিগ্ৰাম মৌজোল লওক।এই সকলো মিহলাই ইয়াৰ পৰা দুটোপালকৈ ছানি পৰা চকুত দিয়ক নিয়মিত্ভাবে।এই মিশ্ৰ্ণটো আয়ুৰ্বেদিক আশ্ৰ্মত প্ৰ্স্ত্ত্ত কৰি দিব্য নেএজ্যোতি নামেৰে বজাৰত বিক্ৰি হয়।
এজমা অসুখত:
পিয়াঁজৰ ২০বা ৩০গ্ৰাম শাহ প্ৰ্তিদিনে পুৱা আৰু আবেলি খালে হাপানিৰ টান কমি যায়।উশাহ-নিশাহৰ সমস্যা কমি যায়।
বদহজম হ’লে:
পিয়াঁজৰ ৰস এচামুচ বা এটুকুৰা কেঁচা পিয়াঁজ ভাতৰ লগত প্ৰ্তিদিনে খোৱাৰ অভ্যাস কৰক।এই সমস্যা দূৰ হ’ব।
ৰক্ত পৰা বন্ধ কৰিবলৈ:
২০/৩০মিলিগ্ৰাম পিয়াঁজৰ ৰস দিনে ২/৩বাৰ খাব লাগে।পিয়াঁজৰ বগা বিধ ব্যৱহাৰ কৰিলে অতি কম সময়ৰ ভিতৰতে তেজ বন্ধ হ’য়।
পেট ফুলিলে:
২০মিলিগ্ৰাম পিয়াঁজৰ ৰসত ১০ মিলিগ্ৰাম হিং,এক গ্ৰাম জালুকৰ গুড়ি মিহলাই তাত অকণমান ক’লা নিমখ মিহলাই দিনটোত ২/৩ বাৰ খাব লাগে।পেট ফুলা কমি যাব আৰু গেষ্ট্ৰিকৰ সমস্যাও গুচিব।
পাইলছ বা অৰ্শ বেমাৰত:
দুটা পিয়াঁজ থেতেলিয়াই পেষ্ট কৰি গুহ্যদ্বাৰত বিষ হোৱা ঠাইত সানিব লাগে।ফিটকিৰিৰ গুড়ি অলপ লৈ গৰম পানীত মিহলাই সহ্য কৰিব পৰা গৰম পানীৰে গুহ্যদ্বাৰ ধুলে পাইলছ বা অশৰ সমস্ত বিষ, খজুৱতি, ৰক্ত পৰা বন্ধ হয়।