ভগৱান শ্ৰীৰামচন্দ্ৰৰ মূৰ্তি বা বিগ্ৰহটিৰ বৰণক লৈ আমাৰ প্ৰশ্ন হৈছে, স্বাভাৱিক কথা।
এই বিগ্ৰহটি হৈছে শ্ৰীৰামচন্দ্ৰৰ বাল্যকালৰ, যাৰ বাবে ৰামলল্লা বুলিও অভিহিত কৰা হৈছে। ৫ বছৰীয়া বালক হিচাপে প্ৰাণ প্ৰতিষ্ঠিত ভগৱান শ্ৰীৰামচন্দ্ৰৰ বিগ্ৰহটি কৃষ্ণশিলা অথবা পৱিত্ৰ শালগ্ৰামেৰে নিৰ্মিত যাৰ বাবে বৰণ ক’লা। ভাৰতীয় সভ্যতাত আমি বেছিভাগ বিগ্ৰহৰ বৰণ ক’লা দেখো। আচলতে মাটিৰে নিৰ্মিত হ’লে তাত ৰং দিব পাৰি, কিন্তু স্থায়ী বিগ্ৰহবোৰ ধাতু বা শিলেৰে নিৰ্মিত। পৱিত্ৰ শিৱলিংগৰ বৰণ ক’লা থাকে, তাৰ পৰা কোনোধৰণৰ ৰোগৰ বীজাণুও বিয়পিব নোৱাৰে।
তাৰোপৰি অষ্টধাতুৰে নিৰ্মিত বস্তু ব্যৱহাৰ কৰিলে বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পাৰি। কিছু কিছু টেবলেটত সোণৰ ক্ষুদ্ৰতম টুকুৰা থাকে অথবা তাম/পিতলৰ গিলাচত পানী খালে ৰোগ নিৰাময় হয়। ৰামলল্লাৰ বিগ্ৰহৰ চাৰিওফালে ভগৱান শ্ৰীবিষ্ণুৰ অৱতাৰসমূহ খোদিত কৰা হৈছে। ৰামলল্লাৰ বৰণ সম্পৰ্কে বাল্মীকি ৰামায়ণৰ বালকাণ্ডত শ্যামবৰণীয়া বুলিও উল্লেখ আছে বুলি পণ্ডিতসকলে কয়।
আচলতে এই বিগ্ৰহ নিৰ্মাণ কৰা সমিতিখন আমাৰ সাধাৰণ পূজা সমিতিৰ দৰে নহয়, বহু আলোচনাৰ মূৰতহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সূৰ্যবংশীয় শ্ৰীৰামচন্দ্ৰৰ বিগ্ৰহটিত সূৰ্য্যৰ পোহৰ পৰিব পৰাকৈ মন্দিৰৰ ওপৰভাগত এক বিশেষ সামগ্ৰীও ৰখা হৈছে। শিল অথবা ধাতুৰ বিগ্ৰহৰ ওচৰে পাজৰে থাকিলে ইতিবাচক শক্তিৰ উদ্ভৱ হয়, যিটো আমি বিভিন্ন ধাম অথবা মূৰ্তিক সাক্ষাৎ কৰিলে অনুভৱ কৰিব পাৰোঁ।
লেখক – ৰক্তিম ৰঞ্জন তালুকদাৰ