বৰ্তমান ভোগালী বিহুৰ বতৰ।ভোগালী বিহু বুলি ক’লে পৰম্পৰাগতভাৱে বিভিন্নধৰণৰ পিঠা-পনা,জলপান অথবা নানান ধৰণৰ খাদ্য সম্ভাৰ আদিৰ কথা মনলৈ আহে।পিছে আজিৰ প্ৰতিজন স্বাস্থ্য সচেতন ব্যক্তিয়ে খাদ্য সম্ভাৰৰ লগে লগে চিন্তা কৰে সেইবোৰৰ পুষ্টি,গুণাগুণ ইত্যাদি দিশ।ভোগালীৰ এনেবোৰ খাদ্য সম্ভাৰ প্ৰস্তুতকৰণত ব্যৱহ্ৰত হোৱা বিভিন্ন খাদ্য উপকৰণৰ ভিতৰত সচৰাচৰ সাউৎকৈ মনলৈ অহা তথা প্ৰায় মানুহৰে প্ৰিয় এবিধ সামগ্ৰী হ’ল তিল।হ’ব পাৰে ই তেনেই ক্ষুদ্ৰ ক্ষুদ্ৰ ক’লা চিকচিকীয়া ৰঙৰ গুটি কিছুমানহে মাত্ৰ,পিছে ইয়ে স্বাস্থ্যক্ষেত্ৰত অতুলনীয় গুণ বহন কৰে যিবোৰ গুণ বহু গুৰুত্বপূৰ্ণ।তিল উদ্ভিদজোপা এবিধ শাক বন জাতীয় একবৰ্ষজীৱী উদ্ভিদ।দীঘলীয়া আয়তাকাৰ কেপচুল জাতীয় ফলৰ ভিতৰত অসংখ্য গুটিবোৰ সৃষ্টি হয়,যিবোৰ ফলটো পূৰঠ হ’লে ফাটি বাহিৰ হ’বলৈ ধৰে।এইদৰে পৈণত উদ্ভিদবোৰ উঘালি বা গুৰিতে কাটি আনি ৰ’দত শুকাই শস্যবিধ সংগ্ৰহ কৰা হয়।তিলৰ পুষ্টিমূল্য যথেষ্ট তথা ঔষধি গুণো অলেখ।
তিলৰ প্ৰতি 100 গ্ৰাম থকা বিভিন্ন উপাদান সমুহ-
পানী 5.3 গ্ৰাম: ;প্ৰ’টিন 18.5 গ্ৰাম; ফেট 43.3 গ্ৰাম; খনিজ পদাৰ্থ 5.2 গ্ৰাম; আঁহ 2.9 গ্ৰাম; কাৰ্বহাইড্ৰেট 25 গ্ৰাম; শক্তি 563; কেলছিয়াম 1450 মি: গ্ৰাম: ;ফছফৰাছ 570 মি:গ্ৰা: ;আয়ৰণ 10.5 মি: গ্ৰাম; কে’ৰটিন 60 মি: গ্ৰাম; থায়মিন 1.01 মি: গ্ৰাম; ৰাইব’ফ্লেভিন 0.34 মি: গ্ৰাম; নিয়েচিন 4.4 মি: গ্ৰাম; ইত্যাদি।
তিলৰ ব্যৱহাৰ আৰু উপকাৰিতা-
আমি তিল বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ।তিলেৰে বিভিন্ন ধৰণৰ পিঠা-পনা প্ৰস্তুত কৰা হয়।তিলৰপৰা তৈয়াৰ কৰা তেল বৰ উপযোগী তথা ঔষধি গুণসম্পন্ন।তিলেৰে প্ৰস্তুত কৰা চাটনিখিনি প্ৰায় মানুহৰে প্ৰিয়।তেলেৰে বিভিন্ন ধৰণৰ আঞ্জা-পাতি তৈয়াৰ কৰি খাব পৰা যায়।এটি অতি সুবিধাজনক কথা যে তিলক অতি সহজতে ভালদৰে সংৰক্ষণ কৰি বছৰটোৰ প্ৰায় বাৰ মাহেই সময়ে সময়ে খাব পৰা যায়,যাক খোৱা পদ্ধতিও বৰ জটিল নহয়।তিলত ইয়াৰ ওজনৰ প্ৰায় 20 শতাংশই উচ্চ গুণসম্পন্ন প্ৰ’টিন থাকে।ইয়াত উপযুক্ত পৰিমাণৰ মেগনেছিয়াম তথা আন পুষ্টিদ্ৰব্যবোৰ থাকে বাবে আমেৰিকান জাৰ্ণেল অব ক্লিনিকেল নিউট্ৰিচনৰ মতে,তিল তেলৰ ব্যৱহাৰে এন্টিডায়েবেটিক ঔষধৰ সক্ৰিয়তা বৃদ্ধি কৰে।আনকি ডায়েবেটিছ ৰোগ সৃষ্টি প্ৰতিৰোধ কৰিব পাৰে।
তিলৰ যথেষ্ট পৰিমাণৰ মেগনেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়কহে হয় যদিও সাধাৰণ মানুহে তেলজাতীয় পদাৰ্থ থকা বাবে তাক খাবলৈ দ্বিধাবোধ কৰে।
ক’লা জাতৰ তিলত বেছিকৈ থকা ফাইট’ষ্টেৰলে কলেষ্টেৰলৰ উৎপাদনত বাধা জন্মায়।ফলত তেজত থকা যথেষ্ট পৰিমাণৰ আহঁজাতীয় দ্ৰব্যি পাচনতন্ত্ৰৰ সক্ৰিয়তা ৰক্ষা কৰে তথা পাচনকাৰ্য সুচাৰুৰূপে চলাত যথেষ্ট অৰিহনা যোগায়।কোষ্ঠকাঠিন্যত ভোগা ব্যক্তিয়ে বাকলি নুগুচোৱা গোটা তিল এচামুচ চোবাই খাই যথেষ্ট পৰিমাণৰ কুহুমীয়া পানী খালে শৌচ খোলোচা হয়।ইয়াত থকা যথেষ্ট পৰিমাণৰ জিংকে কলাজেন নামৰ দেহত আটাইতকৈ বেছিকৈ থকা প্ৰ’টিনবিধ প্ৰস্তুতিত অৰিহণা যোগায় বাবে দেহৰ ছালক যথেষ্ট নমনীয়তা প্ৰদান কৰে।তিলে হেনো হ্ৰদযন্ত্ৰৰ সক্ৰিয়তা অটুট ৰাখিব পাৰে।কাৰণ ইয়াত যথেষ্ট পৰিমাণৰ ছিছামন নামৰ এন্টি অক্সিডেন্ট তথা বিষ কমাব পৰা জৈৱ যৌগ থাকে।সেয়ে পাৰিলে মাজে-সময়ে বিভিন্ন ধৰণে তিলৰ খাদ্য সম্ভাৰ খাব লাগে।
তিলত আটাইতকৈ বেছি পৰিমাণে ফাইট’ষ্টেৰল তথা আন কিছুমান কৰ্কট প্ৰতিৰোধী পদাৰ্থ,যেনে-ফাইটিক এচিড,মেগনেছিয়াম আদি থাকে বাবে তিলে হেনো কৰ্কটৰ দৰে ভয়াৱহ বেমাৰো ৰোধ কৰি ৰাখিব পাৰে।
তিলত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম,কেলছিয়াম,থায়মিন তথা ট্ৰিপট’ফেন থাকে।এইবোৰে বিশেষকৈ ট্ৰিপট’ফেনে দেহত ছেৰ’টনিন নামৰ পদাৰ্থবিধ উৎপাদনত সহায় কৰে।এটি উল্লেখযোগ্য কথা যে দেহত উৎপাদিত ছেৰ’টনিনে মগজু কোষ তথা স্নায়ুতন্ত্ৰৰ আন আন কোষবোৰৰ মাজত যোগাযোগ অতি সুকলমে হোৱাত যথেষ্ট অৰিহণা যোগায়।গতিকে ইয়ে মানসিক হেঁচা,অস্থিৰতা দূৰ কৰি মানসিক সুস্থিৰতা প্ৰদান কৰিব পাৰে তথা হতাশা নাশ কৰিব পাৰে আৰু সুন্দৰ গভীৰ টোপনি অহাত সক্ৰিয়ভাৱে অৰিহণা যোগায়।ক’লা তিলৰ যথেষ্ট পৰিমাণৰ আয়ৰণ থকা বাবে ৰক্তহীনতা তথা দুৰ্বলতাত ভোগা ব্যক্তিৰ বাবে তিলো এবিধ উৎকৃষ্ট খাদ্য উপকৰণ।তিলে গাঁঠিৰ বিষ নিয়ন্ত্ৰণ তথা বাধা দিয়াৰ ক্ষমতাও বহন কৰে; ইয়ে হাড়,হাড়ৰ গাঁঠি তথা তেজৰ নলীবোৰক শক্তি প্ৰদান কৰিব পাৰে কাৰণ ইয়াত যথেষ্ট পৰিমাণে কপাৰ,কেলছিয়াম আদি থাকে।তিলে যকৃতৰ সক্ৰিয়তা বৰ্তাই ৰাখিব পাৰে আৰু অসময়ত ছালৰ কোচ খোৱা,বয়সৰ চাপ ৰুধিব পাৰে তথা ছালক নমনীয়তা প্ৰদান কৰে।তিলৰ তেলেৰে মালিছ কৰিলে শিশুটিৰ দেহৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগায় তথা শিশুটিৰ টোপনিও ভালদৰে হয়।তিলে দৃষ্টিশক্তি বৰ্তাই ৰালহিব পাৰে,দাঁতৰ সৌন্দৰ্য বৰ্তাই ৰাখিব পাৰে।আতাইতকৈ গুৰুত্বপূৰ্ণ কথা যে তিলৰ বিভিন্ন উপাদানে এজমা বা শ্বাস-প্ৰশ্বাসজনিত ৰোগো প্ৰতিৰোধ কৰি ৰাখিব পাৰে।ইয়ে চুলি তথা মূৰৰ ছালৰ সৌন্দৰ্যও বৰ্তাই ৰাখিব পাৰে।
লেখিকা-ড° নমিতা নাথ